ETV Bharat / state

টংলাত কৃষক মুক্তিৰ সুৰা বিৰোধী প্ৰতিবাদ

author img

By

Published : Feb 24, 2019, 10:26 PM IST

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অপসাৰণৰ কৰাৰ দাবী কৃষক মুক্তিৰ

kmss kokrajhar

ওদালগুৰি, ২৪ ফেব্ৰুৱাৰীঃ সুৰা নিষিদ্ধৰ দাবীত উত্তাল টংলা । দেওবাৰে ওদালগুৰি জিলাৰ টংলাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ওদালগুৰি জিলা সমিতিয়ে টংলা চহৰত অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, চুলাই পান কৰি যোৰহাট আৰু গোলাঘাটত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতে ৰাজ্যজুৰি আৰম্ভ হৈছে সুৰা বিৰোধী প্ৰতিবাদ । লগতে সংগঠনটোৱে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অপসাৰণৰ কৰাৰ লগতে ৰাজ্যত সুৰা নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰে ।

সুৰা নিষিদ্ধৰ দাবীত উত্তাল টংলা। আবকাৰী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ।

 দেশীয় সুৰা সেৱন কৰি যোৰহাট আৰু গোলাঘাটতত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে সুৰা বিৰোধী প্ৰতিবাদ। আজি ওদালগুৰি জিলাৰ টংলাটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিয়ে টংলা চহৰত অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে আবকাৰী মন্ত্ৰী জনক অপসাৰণৰ কৰাৰ লগতে ৰাজ্যত সুৰা নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰে। কৃষক মুক্তিৰ জিলা সমিতিৰ সভাপতি দীপক শৰ্মা আৰু যুটীয়া সাধাৰণ সম্পাদক পংকজ অসমীয়াৰ নেতৃত্বত ৰূপায়ন কৰা এই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,  পৰিমল শুক্লবৈদ্য হায় হায়, অসমত সুৰা নিষিদ্ধ কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলৈ টংলাৰ আকাশ বতাহ

  Byte- KMSS LEADER
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.