ETV Bharat / state

কেন্দ্ৰীয় বিদ্যালয়সমূহত বন্ধ হ'ব অসমীয়া ভাষা

অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা, কেন্দ্ৰীয় বিদ্যালয়সমূহত বন্ধ কৰি দিয়া হ'ব অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান ৷

অসম সাহিত্য সভা আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্তৰ সংবাদমেল
author img

By

Published : May 13, 2019, 8:35 PM IST

গুৱাহাটী, 13মে': কেন্দ্ৰীয় বিদ্যালয় সংগঠনে কেন্দ্ৰীয় বিদ্যালয় সমূহলৈ জাৰি কৰিছে এক অধিসূচনা ৷ অধিসূচনা অনুসৰি কেন্দ্ৰীয় বিদ্যালয়সমূহত বন্ধ কৰি দিয়া হ'ব অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান ৷ এই সিদ্ধান্তৰ বিৰোধিতাৰে অসম সাহিত্য সভা আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে সোমবাৰে এক যুটীয়া সংবাদমেলৰ সম্বোধন কৰে । কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ যি সিদ্ধান্ত, তাৰ বিৰুদ্ধে অসম চৰকাৰৰ লগতে অসমৰ ৰাজ্যসভাৰ সাংসদ সকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাতো প্ৰয়োজন বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । লগতে কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ পাঠদান বন্ধ কৰিলে অসমীয়া ছাত্ৰ-ছাত্ৰী সকল অসমীয়া ভাষাৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

অসম সাহিত্য সভা আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্তৰ সংবাদমেল

উল্লেখ্য যে, এই সংক্ৰান্তত অসম সাহিত্য সভাই কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভৰ লগত এক আলোচনাত মিলিত হয় ৷ আলোচনাত কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান অব্যাহত ৰখাৰ সিদ্ধান্ত লয় যদিও কেন্দ্ৰীয় চৰকাৰেহে এই ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷ তাৰোপৰি অসম চৰকাৰে যদি কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তি দিয়ে তেন্তে কেন্দ্ৰীয় বিদ্যালয় সমূহে অসমীয়া ভাষাৰ শিক্ষা অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে, ইতিমধ্যে এই ক্ষেত্ৰত অসম সাহিত্য সভাই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক পত্ৰ প্ৰেৰণ কৰিছে যদিও নিৰ্বাচনৰ বাবেই এই ক্ষেত্ৰত গুৰুত্ব দিব পৰা নাই অসম চৰকাৰে। অৱশ্যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰে ৷ তাৰোপৰি কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰয়োজন হ'লে দেশৰ ৰাজধানী দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Intro:কেন্দ্ৰীয় বিদ্যালয় সংগঠনে কেন্দ্রীয় বিদ্যালয় সমূহলৈ জাৰি কৰা এক অধিসূচনা যোগে অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ বিৰুদ্ধে অসম সাহিত্য সভাই বিৰোধিতা কৰি অহাৰ মাজতে আজি অসম সাহিত্য সভা আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে।

কেন্দ্রীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে

Body:সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে যে কেন্দ্রীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসমৰ ৰাজ্যসভাৰ সাংসদ সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ পাঠদান বন্ধ কৰিলে অসমীয়া ছাত্ৰ-ছাত্ৰী সকলে অসমীয়া শিক্ষাৰ পৰা বঞ্চিত হ'ব। এই সংক্ৰান্তত অসম সাহিত্য সভাই কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভৰ লগত এক আলোচনাত মিলিত হয় আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত দ্বীপচান্দ নিলাভে কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান অব্যাহত ৰখাৰ সিদ্ধান্ত লয় যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। দ্বীপচান্দ নিলাভে আৰু কয় যে অসম চৰকাৰে যদি কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তি দিয়ে তেন্তে কেন্দ্ৰীয় বিদ্যালয় সমূহে অসমীয়া ভাষাৰ শিক্ষা অব্যাহত ৰাখিব। বৰ্তমান সপ্তাহত তিনিটা শ্ৰেণীত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰা হৈছে যদিও কেন্দ্ৰীয় বিদ্যালয় সমূহত নিয়মীয়াকৈ অসমীয়া ভাষাৰ পাঠদান অব্যাহত ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'ব পাৰিব। অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় ইতিমধ্যে এই ক্ষেত্ৰত অসম সাহিত্য সভাই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক পত্ৰ প্ৰদান কৰিছে যদিও নিৰ্বাচনৰ বাবে অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পৰা নাই। অসম চৰকাৰে অসম সাহিত্য সভাত আশ্বাস প্ৰদান কৰিছে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ।

বাইট : পৰমানন্দ ৰাজবংশীয়ে

Conclusion:অসম সাহিত্য সভাই কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া ভাষাৰ পাঠদান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰয়োজন হলে দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.