গুৱাহাটী, 24 এপ্ৰিলঃ মঙলবাৰে ৰাজ্যৰ 4 টা সমষ্টিত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ইয়াৰ এটা সমষ্টি আছিল গুৱাহাটী ৷ গণতন্ত্ৰৰ সৰ্ববৃহৎ অধিকাৰ সাব্যস্ত কৰিবলৈ দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল বিশেষ ভাৱে সক্ষম আৰমান আলী ৷
কিন্তু দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰমান আলী নামৰ যুৱকজন ৷ কামৰূপ জিলা প্ৰশাসনৰ চৰম হেমাহিৰ ফলতেই কান্ধত তুলি প্ৰথম মহলাৰ ভোটাধিকাৰ কক্ষলৈ নিব লগা হয় আৰমান আলীক ৷ আনকি সমস্যাৰ কথা অৱগত কৰোৱাৰ পিচতো অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা প্ৰশাসনৰ চৰম অৱমাননাৰ অভিযোগ যুৱক জনৰ ৷ শুনক যুৱকজনৰ নিজ মুখে সকলো কথা...