ETV Bharat / state

গুৱাহাটীত পুনৰ আক্ৰমণৰ বলি সাংবাদিক - সাংবাদিক

ভাড়াঘক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা বাক বিতণ্ডাৰ ভয়াবহ পৰিণতি ৷ মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷

গুৱাহাটীত পুনৰ আক্ৰমণৰ বলি সাংবাদিক
author img

By

Published : Jul 6, 2019, 4:23 PM IST

Updated : Jul 6, 2019, 7:01 PM IST

গুৱাহাটী, 6 জুলাইঃ ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ শেহতীয়াকৈ মহানগৰীত সংঘটিত হৈছে এক সাংবাদিক আক্ৰমণৰ ঘটনা ৷ ভাড়াঘৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিতে খৰ্গেশ্বৰ কলিতা নামৰ লোকজনে আক্ৰমণ কৰে ৰাজ্যৰ এখন দৈনন্দিন কাকতত কৰ্মৰত এগৰাকী সাংবাদিকক ৷

মহানগৰীৰ ভগদত্তপুৰৰ দিব্যজ্যোতি গগৈৰ ভাড়াঘৰত সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ ভাড়াঘৰটোৰ চোৱাচিতাৰ দায়িত্বত থকা খৰ্গেশ্বৰ কলিতাই আক্ৰমণ কৰি আহত কৰে সাংবাদিকজনক ৷ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ লগতে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাৱে ৷

Intro: পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা।

Body:মহানগৰীত ভাড়া ঘৰক কেন্দ্ৰ কৰি মাৰপিট কৰে সাংবাদিকক। দৈনন্দিন বার্তাৰ সাংবাদিক দীপাংকৰ মেধিয়ে ভগদত্তপুৰৰ খৰ্গেশ্বৰ কলিতাৰ ভাড়াঘৰত বিগত ২ বছৰে ভাৰাতীয়া হিচাপে বসবাস কৰি আহিছিল। খৰ্গেশ্বৰ কলিতাৰ চোৱাচিতাৰ দায়িত্বত থকা দিব্যজ্যোতি গগৈয়ে দীপাংকৰক শনিবাৰে পুৱাই ঘৰ এৰিবলৈ নিৰ্দেশ দিয়াত উভয় পক্ষত বাক বিতণ্ডা হয়। পাছত ঘৰৰ মালিক খৰ্গেশ্বৰ কলিতাই গুণ্ডা লগাই উপৰ্যুপৰি প্ৰহাৰ কৰে সাংবাদিক গৰাকীক।

দিছ্পুৰ আৰক্ষী চকীত সাংবাদিক গৰাকীয়ে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Conclusion:পুনৰ সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক দিছপুৰ প্ৰেছ ক্লাৱে তীব্ৰ গৰিহণা প্ৰকাশ কৰি দোষীক অতিশীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায়।

Asrar Ansari
গুৱাহাটী
Last Updated : Jul 6, 2019, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.