যোৰহাট, 13 মাৰ্চঃ যোৰহাট লোকসভা সমষ্টিত 11 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোট দান কৰিব 1343875 জন ভোটাৰে ৷ বুধবাৰে যোৰহাট জিলা উপায়ুক্তৰ সভা গৃহত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰতিৰে ৷
উপায়ুক্ত গৰাকীয়ে কয় যে, যোৰহাট লোকলভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে 10 টা বিধানসভা সমষ্টি ৷ আনহাতে, টিয়ক আৰু ডেৰগাঁৱ সমষ্টিৰ ভোটাৰক সজাগ কৰিবলৈ বহু নতুন পদক্ষেপ হাতত লোৱা বুলিও সংবাদমেলত সদৰী কৰে উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ ভিতৰত ভি ভি পেটৰ পৰীক্ষামূলক প্ৰদৰ্শনী অন্যতম৷ তাৰোপৰি জিলা আইকণৰূপে অভিনেত্ৰী গীতাৱলি ৰাজকুমাৰীক লোৱাৰ উপৰিও বিভিন্ন গানৰ মাজেৰে ভোটাৰসমূহক সজাগ কৰা হ'ব বুলি মন্তব্য কৰে উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰতিৰে ৷
উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিগত ৭ জন ডি ভোটাৰ থকা বুলি মন্তব্য কৰাৰ উপৰিও, নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই উপায়ুক্ত গৰাকীয়ে ।