নিউজ ডেস্ক, 8 জুলাইঃ
গুৱাহাটী: এজাক বৰষুণতে পুনৰ জলমগ্ন গুৱাহাটী । প্ৰায় ৩০ মিনিটৰ এজাক মূষলধাৰ বৰষুণত ডুব যায় মহানগৰীৰ বিভিন্ন অঞ্চল । এই বৰষুণৰ ফলত মহানগৰীৰ মালিগাঁও, ভৰলুমুখ, অনিল নগৰ, নবীন নগৰ, লাচিত নগৰৰ লগতে বিভিন্ন অঞ্চলত বানৰ সৃষ্টি হয় । কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁটৰো সৃষ্টি হৈছে গুৱাহাটীত । ইফালে পুৱাতে অফিচ কাছাৰীলৈ ওলাই অহা মহানগৰবাসীও যথেষ্ট সমস্যাৰ সন্মুখীন হয় ।
নলবাৰী: কেৱল মহানগৰীয়েই নহয় কৃত্ৰিম বানৰ কবলত পৰিছে নলবাৰী চহৰ। বছৰৰ পিচত বছৰ ধৰি কৃত্ৰিম বানৰ সমস্যাই জ্বলাকলা খুৱাই আহিছে নলবাৰীৰ ৰাইজক । জিলা প্ৰশাসন আৰু পৌৰসভাৰ অকৰ্মণ্যতা তথা একাংশ নাগৰিকে জধে মধে মাটি পুতি ঘৰ দুৱাৰ সজা আদিৰ বাবেই নাগৰিকসকলে কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হৈছে। চহৰৰ নলাসমূহ ভালদৰে চাফ চিকুন নকৰা আৰু অ'ত ত'ত বন্ধ হৈ থকা নলাসমূহ মুকলি কৰি নিদিয়াৰ বাবেই ৰাইজে যাতনা ভোগ কৰিবলগীয়া হৈছে। কিছুদিন পূৰ্বে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে নলবাৰী চহৰ আৰু ইয়াৰ ওচৰৰ ঠাইসমূহ পৰিদৰ্শন কৰি নলা নৰ্দমাসমূহৰ বহন ক্ষমতাৰ বুজ লৈছিল। পৰিদৰ্শনৰ সময়ত উপায়ুক্তই ব্যক্তিগত বাসস্থানৰ বহুকেইজন মালিকক নলা বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সকীয়াই দিছিল। কিন্তু উপায়ুক্তৰ পদক্ষেপ আৰু সকীয়নি ফুটুকাৰ ফেনত পৰিণত হয়। এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত ৰাজপথৰ লগতে বিদ্যালয় মহাবিদ্যালয়ো বানৰ কবলত পৰে৷ যাৰ ফলত সাধাৰণ ৰাইজৰ লগতে জীয়াতু ভুগিব লগা হৈছে নলবাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে৷
জনীয়া: মূষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত কলগাছিয়াৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বৰপেটা অসমাৰিক চিকিৎসালয়ৰ আবাসীক এলেকা । কৃত্ৰিম বানৰ ফলত বন্ধ দুখনকৈ এন আৰ চিৰ শুনানি গ্ৰহণ কেন্দ্ৰ । পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাৰ বাবেই বন্ধ কৰি দিয়া হয় এন আৰ চিৰ সকলো শুনানি প্ৰক্ৰিয়া । চিকিৎসক-কৰ্মচাৰীৰ মাজত হাহাকাৰ। দুদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান-পানীৰ কবলত বৰপেটা জিলাৰ কলগাছিয়া । এই কৃত্ৰিম বান-পানীৰ ফলত প্লাৱিত কলগাছিয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ কাৰ্যালয় আৰু আবাসীক এলেকাৰ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ আবাসীক এলেকা । খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত ড্ৰেইন আৰু পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাত এই কৃত্ৰিম বান-পানী হৈছে। যাৰ ফলত চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ আবাস গৃহত পানী সোমোৱাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।