গুৱাহাটী, 1 জুন: অনুজ্ঞাপত্ৰবিহীনভাৱে চলাই থকা মাংসৰ দোকানত গুৱাহাটী পৌৰ নিগমৰ অভিযান ৷ শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ ডঃ প্ৰদীপ মেধিৰ নেতৃত্বত এটা দলে ছয়মাইলৰ ভিআইপি ৰোডত চলায় এই অভিযান ৷ উল্লেখ্য যে বিগত কেইবাদিন ধৰি ছয়মাইলত অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে হাঁহ, কুকুৰা, ছাগলী বিক্ৰী কৰি আহিছিল ব্যৱসায়ীসকলে ৷
শনিবাৰে চলা পৌৰ নিগমৰ অভিযানত অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়ীসকলক জৰিমনা বিহে যদিও কেইবাগৰাকীও ব্যৱসায়ী সেই স্থানৰ পৰা পূৰ্বেই পলাই সাৰিবলৈ সক্ষম হয় ৷ অৱশ্যে পৰৱৰ্তী সময়তো পৌৰ নিগমৰ এই অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ ডঃ প্ৰদীপ মেধিয়ে ৷