ETV Bharat / state

পৰিবহণ বিভাগৰ নিৰ্দেশনাক অঙ্গুষ্ঠ চিটি বাছ চালকৰ - পৰিবহণ বিভাগ

নিৰ্দেশনাসমূহক সমূলি আওকান কৰি পূৰ্বৰ দৰেই চলি থাকিল মহানগৰীৰ চিটি বাছ

etv bharat
author img

By

Published : Mar 27, 2019, 7:04 PM IST

গুৱাহাটী, 27 মাৰ্চ: শেহতীয়াকৈ, কামৰূপ মহানগৰীৰ পৰিবহণ বিভাগে মহানগৰীৰ চিটি বাছসমূহক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল ৷ পিছে, কাগজে কলমেহে কেৱল সীমাবদ্ধ থাকিল পৰিবহণ বিভাগৰ এই নিৰ্দেশনাসমূহ ৷ পূৰ্বৰ দৰেই চলি থাকিল মহানগৰীত চিটিবাছ ৷

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ নিৰ্দেশনা জাৰি কৰাৰ এটা মাহ অতিক্ৰম হোৱাৰ পাচতো গুৰুত্বহীন হৈ পৰি থাকিল সকলোবোৰ নীতি-নিৰ্দেশনা ৷ বিশেষকৈ শেহতীয়াকৈ পৰিবহণ বিষয়া বাপন কলিতাই ঘোষনা কৰা নিৰ্দেশনা অনুসৰি 15 মিটাৰ দূৰৈৰ পৰাই দেখা পোৱাকৈ চালকৰ ফটো সংলগ্ন কৰা থাকিব লাগিব চিটি বাছসমূহত ৷ পিছে এই নিৰ্দেশনাক আওকাণ চিটি বাছ চালকে বেগতহে ভৰাই আনে নিজৰ ফটো ৷

পৰিবহণ বিভাগৰ নিৰ্দেশনাক আওকান কৰি পূৰ্বৰ দৰেই চলি থাকিল মহানগৰীৰ চিটি বাছ

ইয়াৰোপৰি, যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিটিবাছসমূহত হেণ্ডিমেন থাকিব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰিছিল ৷ বিশেষকৈ এই নিয়মৰ বিৰুদ্ধে বিগত সময়চোৱাত চালকসকলে কৰা প্ৰতিবাদৰ পাচতো সিদ্ধান্ত সলনি কৰা নাছিল পৰিবহণ বিভাগে ৷ কিন্তু নিজৰ মতত অটল চালকসকলে বিভাগক অঙ্গুষ্ঠ দেখুৱাই হেণ্ডিমেন সহিতেই বাছ চলাচল অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰীত ৷

পৰৱৰ্তী সময়ত পৰিবহণ বিভাগে এইক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল’ব সেয়াহে লক্ষণীয় হ’ব ৷

Slug: A_GHY_27MAR_801_CITY BUS STORY_HIRUL HAQUE

মহানগৰীত চিটি বাছৰ ক্ষেত্ৰত পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা বৰ্তমান কিমান কাৰ্যকৰী হৈছে। পৰিবহণ বিভাগৰ নিৰ্দেশনা ভৰিৰে মোহাৰিছে এতিয়া চিটি বাছ চালকে। কিছুদিন পূৰ্বে চিটি বাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। নিৰ্দেশনা জাৰি কৰাৰ এটা মাহ অতিক্ৰম কৰিলে যদিও পৰিবহণ বিভাগৰ নিৰ্দেশনা সমূহ কাৰ্যকৰী নহ'ল। বিভাগীয় নীতি নিৰ্দেশনা যেন কেৱল কাগজে কলমতহে সীমাবদ্ধ থাকিল। জিলা পৰিবহণ বিভাগৰ নিৰ্দেশনা অনুযায়ী প্ৰতিখ চিটিবাছত থাকিব লাগে চালকৰ ফটো। কিন্তু দুই এখন বাছৰ বাদে কোনেও গুৰুত্ব নিদিলে জিলা পৰিবহণ বিভাগৰ এই নিৰ্দেশনাক। কোনোৱে আকৌ ফটো লগত আনিছে কিন্তু বাছৰ সন্মুখত লগাবলৈয়ে পাহৰিলে। মুঠৰ ওপৰত জিলা পৰিৱহণ বিভাগৰ দুদিনীয়া চমকৰ যেন এমাহ পিছতেই অৱশান ঘটিল।

Visual-FTP
(Hirul Haque/Guwahati)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.