ETV Bharat / state

ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ বিজয় উল্লাস

author img

By

Published : Feb 13, 2019, 7:29 PM IST

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিচতে ৰাজ্যবাসীৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে । একেদৰেই আনন্দ উৎসৱ পালন কৰিছে অসমৰ খিলঞ্জীয়া ৰাইজে । ৰাজ্যবাসীৰ লগতে প্ৰদেশ কংগ্ৰেছতো ইয়াক লৈ বিজয় উল্লাস পালন কৰা দেখিবলৈ পোৱা গৈছে ।

ৰাজীৱ ভৱন

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত ৰাজীৱ ভৱনত বিজয় উল্লাস পালন কংগ্ৰেছ কৰ্মীৰ । ইজনে সিজনক মিঠাই বিতৰণ কৰাৰ লগতে ফটকা ফুটাই নৃত্যৰ তালে তালে উদযাপন কৰিছে বিধেয়ক বিৰোধী সফলতা । ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাটো অসমীয়াৰ লগতে সমগ্ৰ উত্তৰ পূবৰ ৰাইজৰ জয় বুলিয়ে ৰাজীৱ ভৱনত এইদৰে বিজয় উল্লাস পালন কৰে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকলে ।

ৰাজীৱ ভৱন

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূব উত্তাল হৈ থকাৰ মাজতে বিৰোধী দল সমূহেও বিভিন্ন সময়ত এই বিলখনৰ বিৰোধিতা কৰি আহিছে । লোকসভাত বিলখন গৃহীত হোৱাৰ পিছত যোৱা দুদিন ধৰি বিৰোধী দলসমূহে ৰাজ্যসভা উত্তাল কৰি ৰখাত এই বিতৰ্কিত বিলখন বুধবাৰে ৰাজ্যসভাত উত্থাপন নহ'ল ।

Intro:ৰাজীৱ ভনৱত আজি হঠাৎ মিঠাই, ফটকা আৰু ভাঙৰা। কোনো নিৰ্বাচন জয়ৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ এই বিজয় উল্লাস নহয়, ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত ৰাজীৱ ভৱনত বিজয় উল্লাস ।

Body:আজি হঠাৎ সলনি হৈ পৰিলে ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কার্যলায় ৰাজীৱ ভৱনৰ পৰিৱেশ। পুৱাৰে পৰা নিমাউমাও হৈ থকা ৰাজীৱ ভৱনত হঠাৎ কংগ্ৰেছ কৰ্মীৰ বিজয় উল্লাস। ইজনে সিজনক খুৱাইছে মিঠাই, ৰাজীৱ ভৱনত ফুটিছে ফটকা আৰু ঢোলৰ তালে তালে কংগ্ৰেছীৰ ভাঙৰা নৃত্য। হঠাৎ সলনি হৈ পৰা ৰাজীৱ ভৱনৰ এই পৰিৱেশ কংগ্ৰেছ দলে কোনো নিৰ্বাচনত জয়লাভ কৰাৰ বাবে নহয়, কংগ্ৰেছ কৰ্মীৰ এই বিজয় উল্লাসৰ কাৰণ হ'ল আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ বাবে। ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূবত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিলৰ জৰিয়তে পাঁচটাকৈ ধৰ্মৰ লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে লোকসভাত এই বিতৰ্কিত বিলখন গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত বিলখন উত্থাপনৰ কৰা আছিল যদিও বিলখন ৰাজ্যসভাত উত্থাপন নহয়। ৰাজ্যসভাত বিলখন উত্থাপন নোহোৱাটো অসমীয়া জাতিটোৰ লগতে সমগ্ৰ উত্তৰ পূৱৰ ৰাইজৰ জয় বুলি অভিহিত কৰি কংগ্ৰেছ দলে বিজয় উল্লাস পালন কৰে। কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত ফটকা ফুটাই, ইজনে সিজনক মিঠাই খোৱাই আৰু ভাঙৰা নৃত্য কৰি বিজয় উল্লাস কৰা দেখিবলৈ পোৱা যায়।

বাইট : দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি

Conclusion:বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূব উত্তাল হৈ থকাৰ মাজতে বিৰোধী দল সমূহেও বিভিন্ন সময়ত এই বিলখনৰ বিৰোধিতা কৰি আহিছে। লোকসভাত বিলখন গৃহীত হোৱাৰ পিছত যোৱা দুদিন ৰাজ্যসভা বিৰোধী দল সমূহে উত্তাল কৰি ৰখাত এই বিতৰ্কিত বিলখন ৰাজ্যসভাত উত্থাপন নহ'ল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.