গুৱাহাটী, 7 জুলাইঃ জাগীৰোড কৰুণাধাৰা সমিতিৰ সৌজন্যত ক্ষেত্ৰী বি.এড কলেজৰ উদ্যোগত কৰুণাধাৰাৰ বিষয়ে সজাগতা সভা ৷ সভা অনুষ্ঠিত হয় ক্ষেত্ৰী বি.এড কলেজৰ প্ৰাংগনত । সভাৰ আৰম্ভণিত বি এড কলেজ প্ৰাংগনত হোমেন বৰগোহাঞি দেৱে তেওঁৰ নামত উৎসৰ্গিত এটি অধ্যয়ন কক্ষ উন্মোচন কৰে । বিশিষ্ট চিকিৎসক আৰু লেখক নৰেশ্বৰ শৰ্মাৰ ৰচনা , প্ৰণৱজ্যোতি বৰাই সুৰ প্ৰদান কৰা আৰু ক্ষেত্ৰী বি এড কলেজৰ অধ্যক্ষ ড0 পবন গগৈৰ পৰিচালনাত কৰুণাধাৰাৰ সভাৰ মূল গীতটিৰে সভা শুভাৰম্ভ কৰা হয় ।
এই সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঞি , কৰুণাধাৰাৰ সভাপতি প্ৰতুল ফুকন , কৰুণাধাৰাৰ জাগীৰোড সমিতিৰ সভাপতি মুনিন বৰঠাকুৰ , ভাৰতীয় তেল নিগমৰ প্ৰাক্তন মহাপ্ৰৱন্ধক/কৰুণাধাৰাৰ সচিব অজিত খাটনিয়াৰকে ধৰি বিশিষ্ট ব্যক্তিসকল ৷
লগতে পঢ়কঃ বটদ্ৰৱাত গ্ৰীষ্মকালীন কৰ্মশালাৰ ব্যতিক্ৰমী সামৰণি অনুষ্ঠান...