ETV Bharat / state

অস্বাস্থ্যকৰ পৰিৱেশত হাউলী মাংস বজাৰ

গেলা পচা সামগ্ৰীৰে এক দুৰ্গন্ধময় পৰিৱেশত চলি আছে হাউলী বজাৰ

hauli
author img

By

Published : Feb 28, 2019, 3:08 PM IST

বৰপেটা, 28 ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ হাউলী চহৰৰ মাংসৰ বজাৰে জনস্বাস্থ্যৰ প্ৰতি কঢিয়াইছে ভয়ংকৰ ভাবুকি । অতি অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে মাংসৰ এই বজাৰখন ৷ শৌচাগাৰৰ গাতেই লাগি আছে হাউলী বজাৰৰ মাজত হাউলী নগৰ সমিতিয়ে নিৰ্মাণ কৰি দিয়া এইখন মাংসৰ বজাৰ । দৈনিক হেজাৰোধিক গ্ৰাহকে মাংস ক্ৰয় কৰা এই বজাৰখনৰ মাংসত ঘূৰি ফুৰে মাখিকে ধৰি বিভিন্ন কীট-পতংগ । কেৱল সেয়াই নহয় গেলা পচা সামগ্ৰীৰে এক দুৰ্গন্ধময় পৰিৱেশত চলি আছে হাউলী বজাৰ । জনস্বাস্থ্যৰ বাবে অতিকে হানিকাৰক পৰিৱেশত এনেদৰে মাংসৰ বজাৰ এখন চলি থকাৰ পিচতো গুৰুত্ব দিয়া নাই হাউলী পৌৰ নিগম তথা পশু চিকিৎসা বিষযাসকলৰ ।

আনহাতে, মাংসৰ ব্যৱসায়ী সকলে প্ৰায় এবছৰ ধৰি হাউলী পৌৰ নিগমক এই বিষয়ে অভিযোগ দিয়া স্বত্বেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আভিযোগ তুলিছে ব্যৱসায়ীসকলে । অতি লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত হাউলী চহৰত এনেদৰে মাংসৰ বজাৰ এখন চলি থকাৰ পাচতো বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগৰ নাই কোনো তৎপৰতা ৷

Slug:      A_BAR_28FEB_802_BARPETA_HOWLY_MEAT_MARKET_VIS+BITE_BAPKAN_DAS                

  অস্বাস্থ্যকৰ পৰিবেশত হাউলীৰ মাংস বজাৰঃ
গুৰুত্ব নাই হাউলী নগৰ সমিতিৰ 

বৰপেটা, ২৮ ফেব্ৰুৱাৰীঃ
বৰপেটা জিলাৰ হাউলী চহৰৰ  মাংসৰ বজাৰখনে জনস্বাস্থ্যৰ প্ৰতি কঢিয়াইছে ভয়ংকৰ  ভাবুকি। অতি অস্বাস্থ্যকৰ পৰিবেশত চলি আছে মাংসৰ এই বজাৰখন ৷ হাউলী বজাৰৰ মাজত হাউলী নগৰ সমিতিয়ে নিৰ্মান কৰি দিয়া মাংসৰ বজাৰ এইখন । দৈনিক হেজাৰোধিক গ্ৰাহকে  মাংস ক্ৰয় কৰে এইখন বজাৰৰ পৰা । কিন্তু এই দৃশ্য দেখাৰ পিছত আপুনি আহিবনে এইখন বজাৰত মাংস কিনিবলৈ । বজাৰখনলৈ চাওক, কিদৰে মাংসৰ দোকানত ভেনভেনাই পৰি আছে শ শ মাখি ৷ ইপিনে  মাংস বজাৰৰ সন্মুখতে আছে পৌৰ নিগমে নিৰ্মাণ কৰা এই শৌচাগাৰটো । শৌচাগাৰৰ গাতেই লাগি আছে মাংসৰো বজাৰখন ৷ আনহাতে মাংস বজাৰ আৰু শৌচাগাৰৰ  প্ৰবেশ দ্বাৰো প্ৰায় এখনেই । মাংস কিনিবলৈ আহিলে শৌচালয়ৰ দূৰ্গন্ধ নাকত লৈয়েই প্ৰতিজন গ্ৰাহক সোমাব লাগে মাংসৰ দোকানত । কেৱল সেয়াই নহয় মাংস বজাৰ খনৰ চাৰিওফালে গেলা পচা  সামগ্ৰীৰে ভৰি পৰিছে । কি যে এক দূৰ্গন্ধময়, নৰকসদৃশ পৰিবেশ বজাৰখনৰ ৷ কিন্তু চাওতা কোনো নাই ৷ জনস্বাস্থ্যৰ বাবে অতিকে হানিকাৰক পৰিবেশত এনেদৰে মাংসৰ বজাৰএখন চলি থকাৰ পিচতো গুৰুত্ব নাই চৰকাৰী কোনো এটা বিভাগৰেই ৷  আনকি এই বিষয়ে কোনো গুৰুত্ব নাই হাউলী পৌৰ নিগমৰ । মাংসৰ ব্যৱসায়ী সকলে প্ৰায় এবছৰ ধৰি হাউলী পৌৰ নিগমক এই বিষয়ে অভিযোগ দিয়া স্বত্বেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি আভিযোগ তুলিছে ব্যৱসায়ীসকলে । অতি লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিবেশত হাউলী চহৰত এনেদৰে মাংসৰ বজাৰ এখন চলি থকাৰ পিচতো কিন্তু বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগৰ নাই কোনো তৎপৰতা ৷ এই মাংসৰ বজাৰখনৰ এই দৃশ্য দেখাৰ পিছত বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগৰ লগতে নগৰ সমিতিয়ে কেনেধৰনৰ ব্যৱস্থা লয় সেয়াহে হব লক্ষনীয় ।

বাইটঃ গ্ৰাহক আৰু ব্যৱসায়ী ৷

--- বাপকন দাস, বৰপেটা ৷                                                              
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.