ETV Bharat / state

ধোঁৱাচাঙত পৰিণত অসম চৰকাৰৰ মৈত্ৰী আঁচনি

author img

By

Published : May 10, 2019, 1:19 PM IST

ধোঁৱাচাঙত পৰিণত হ'ল অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত চলি থকা জালুকবাৰী আৰক্ষী থানাৰ নিৰ্মাণকাৰ্য । ২০১৮ চনতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক থানা গৃহৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল ।

ডঃ হিমন্ত বিশ্ব শৰ্মা আধাৰশিলা স্থাপন কৰা মূহুৰ্তত

গুৱাহাটী, ১০ মে': উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ জালুকবাৰী এলেকাৰ বাবে কেৱল এখনহে আৰক্ষী চকী থকাত অঞ্চলটোৰ ৰাইজ ক্ৰোধান্বিত হৈ পৰিছে । এই বৃহৎ অঞ্চলটোতে বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠান তথা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে । বিভিন্ন সময়ত এনে বৃহত্তৰ এলেকাটোত এখন আৰক্ষী থানা স্থাপনৰ বাবে ৰাইজে হেঁচা প্ৰয়োগ কৰি অহাৰ ফলতে মৈত্ৰী আঁচনিৰ অধীনত জালুকবাৰী আৰক্ষী চকীক পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা ৰূপে উন্নীত কৰাৰ পদক্ষেপ হাতত লোৱা হৈছিল । সেই অনুসৰি জালুকবাৰীত ২০১৮ চনৰ ২৪ এপ্ৰিলত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক থানা গৃহৰ আধাৰশিলা স্থাপন কৰিছিল ।

ETV BHARAT ASSAM
ডঃ হিমন্ত বিশ্ব শৰ্মা আধাৰশিলা স্থাপন কৰা মূহুৰ্তত

কিন্তু অতি লেহেমীয়া গতিত নিৰ্মাণৰ কাম চলি থকাৰ বাবে এটা বছৰেও এটা খুঁটাও সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । এটা বছৰত কেইডালমান ৰড লগাইয়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

Intro:PTC

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ মহানগৰী জালুকবাৰী অঞ্চল। এই এলেকাতে আছে গুৱাহাটী বিশ্ববিদ্যালয়, অসম বন বিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, দুখনকৈ শৰাইঘাটৰ দলং, বৃহত্তৰ গাড়ীগাঁও, লংকেশ্বৰ অঞ্চলকে ধৰি বহুতো গুৰুত্বপূৰ্ণ ঠাই। কিন্তু এই বৃহত্তৰ এলেকাৰ বাবে আছে কেৱল এখন আৰক্ষী চকীয়ে। বিভিন্ন সময়ত ৰাইজে চৰকাৰক এখন আৰক্ষী থানা স্থাপনৰ বাবে প্ৰয়োগ কৰি আহিছিল হেঁচা। যাৰ ফলত চৰকাৰে মৈত্ৰী আঁচনিৰ অধীনত জালুকবাৰী আৰক্ষী চকীক আৰক্ষী থানা ৰূপে উন্নীত কৰাৰ পদক্ষেপ হাতত লৈছিল। সেই অনুসৰি জালুকবাৰীত ২০১৮ বৰ্ষৰ ২৪ এপ্ৰিলত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল অত্যাধুনিক থানা গৃহৰ।

byte-

Body:কিন্তু আজি এটা বছৰে এটা খুটাও সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী থানাখনৰ। অতি লেহেমীয়া গতিত চলি আছে থানাখনৰ নিৰ্মাণৰ কাম। চাওঁক এই দৃশ্য। এটা বছৰত কেইডাল মান ৰড লগায়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই। ব্যাপক উন্নয়নৰ শ্লোগান দিয়া চৰকাৰৰ কথা আৰু কামৰ মাজতযে কোনো মিল নাই সেয়া এই দৃশ্য চালেই গম পোৱা যায়। চৰকাৰক কথাৰ ফুলজাৰিৰ বিপৰীতে কাম কৰি দেখুৱাবলৈ দাবী জনাই স্থানীয় ৰাইজে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.