ETV Bharat / state

মহানগৰীত অনুষ্ঠিত হ'ব অহা বৰ্ষৰ IAGES 2020 শীৰ্ষক অনুষ্ঠান - Swagath Hospital

গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ ১৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷

IAGES 2020
author img

By

Published : Mar 3, 2019, 8:39 PM IST

গুৱাহাটী, 3 মাৰ্চঃ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ 17 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷ দেওবাৰে গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগথ হাস্পতালত এই কথা প্ৰকাশ কৰে সন্মিলনৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ সুভাষ খান্নাই ৷

চলিত বৰ্ষৰ 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ ওড়িশ্যাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান এছোচিয়েচন অৱ গেচট্ৰ'ইনটেষ্টিনেল এণ্ড চাৰ্জনছৰ 16সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মিলনখনি গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে সন্মিলনৰ বিষয়ৱবীয়াসকলে ৷ মহানগৰীৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 2020 বৰ্ষৰ 7 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এই সন্মিলনখনি ৷

IAGES 2020

সন্মিলনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু শল্য চিকিৎসক, খ্যাতনামা লেপাৰস্কপিক শল্য চিকিৎসক, গেচট্ৰ'ইনটেষ্টিনেল শল্য চিকিৎসকৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ব বিভিন্ন কৰ্মশালাৰ লগতে লাইভ চাৰ্জাৰী ৷ অনুষ্ঠানত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে Recent Advances in Minimal Access Surgeryৰ নামে আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা এখনৰ প্ৰথমটো সংস্কৰণ মুকলি কৰা হয় ৷ অসমৰ এখন আগশাৰীৰ জনপ্ৰিয় বাতৰি কাকত (অসমীয়া প্ৰতিদিন)ৰ মুখ্য সম্পাদক নিত্য বৰাই উন্মোচন কৰে পত্ৰিকাখন ৷

Slug: A_GHY_3MAR_801_DOCTOR SUMMIT_HIRUL HAQUE

পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান এছোচিয়েচন অব গেচ্ৰইনটেটাইনেল এণ্ড চাৰ্জনছৰ ১৭তম ৰাষ্ট্ৰীয় কংগ্ৰেছ IAGES 2020 শীৰ্ষক অনুষ্ঠান। অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত হ'ব এই উত্তৰ পূৱ ভাৰতৰ উচ্চস্তৰীয় চিকিৎসা সন্মিলন। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বহু শল্য চিকিৎসক, খ্যাতনামা লেপাৰস্কপিক শল্য চিকিৎসক , গেচ্ৰইনটেচটাইনেল শল্য চিকিৎসকৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰিব এই সন্মিলনত। দেওবাৰে মহানগৰীৰ মালিগাঁওস্থিত ছোৱাগত হস্পিতালত আয়োজিত এক অনুষ্ঠানত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ কথা উল্লেখ কৰে সংস্থাটোৱে। ইফালে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনতে লাইভ চাৰ্জাৰীৰ কৰিব বুলিও জানিবলৈ দিয়ে ডা০ সুভাষ খান্নাই। আনহাতে জনবিস্ফোৰণৰ ক্ষেত্ৰত বিশেষ কাম কৰি থকা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ডা০ ইলিয়াছ আলীক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা Recent advances in minimal access surgeryৰ প্ৰথম সংস্কৰণ উন্মোচন কৰা হয়। এই পত্ৰিকাখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক নিত্য বৰাই।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.