কৰিমগঞ্জ,21 অক্টোবৰ: পৰিত্যক্ত অৱস্থাত ৰাজ্যৰ এগৰাকী উপায়ুক্তৰ বাসভৱন ৷ কৰিমগঞ্জৰ উপায়ুক্ত আন্বামুথান এম পিৰ চৰকাৰী বাসভৱনটো দীৰ্ঘদিনে আছে পৰিত্যক্ত অৱস্থাত ৷ যাৰ বাবে স্থানীয় ৰাইজে নিজাববীয়াত চাফাই অভিযান চলাই পৰিস্কাৰ কৰে উপায়ুক্তগৰাকীৰ বাসভৱনটো ৷ চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ অংশ হোৱাৰ পিছতো এক অস্বাস্থ্যকৰ পৰিৱেশত জীৱন-যাপন কৰি আহিছে উপায়ুক্তগৰাকীয়ে ৷ এইক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে স্থানীয় পৌৰসভাই ৷
দীৰ্ঘদিনে চৌহদটো পৰিস্কাৰ নকৰাত আশ্ৰয়স্থলী হৈ পৰিছে সাপ-বেঙৰ দৰে প্ৰাণীৰ ৷ সেয়ে স্থানীয় ৰাইজে পৌৰসভালৈ অপেক্ষা নকৰি পৰিস্কাৰ কৰে চৌহদটো ৷ সমান্তৰালকৈ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে এইক্ষেত্ৰত কোনো কাণসাৰ নথকাৰ কথা ব্যক্ত কৰে পৌৰসভাৰ দায়িত্বত ন্যস্ত থকা উত্তৰ কৰিমগঞ্জৰ চক্ৰ বিষয়াগৰাকীৰ ৷ বিগত কেইবা বছৰে এনেদৰে চৌহদটো পৰিস্কাৰ নকৰাৰ ফলতে আৱিৰ ধৰে হাবি-জংঘলে ৷ এই বাসভৱনৰ নিচেই সমীপতে থকা জিলাখনৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ বাসভৱনৰো একেই অৱস্থা দেখা গৈছে ৷