ETV Bharat / state

আৰক্ষীৰ সন্মুখতেই দুই যুৱকক কোবাই আধামৰা

author img

By

Published : May 14, 2021, 2:31 PM IST

বৃহস্পতিবাৰে নিশা কাছাৰত ডকাইতৰ সন্দেহত এদল উন্মাদ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ এখন অ'টোৰে পাঁচজন যুৱক ঘৰলৈ গৈ থকা অৱস্থাতে এদল উন্মাদ জনতাই ডকাইতৰ সন্দেহত আটক কৰে যুৱককেইজনক ৷ হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা দলটোক দেখি যুৱক কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও দুই যুৱকে এঘৰ মানুহৰ তাত আশ্ৰয় লৈ থকাৰ সময়তে উন্মাদ লোকৰ দলটোৱে জাভেদ আৰু সাইবুৰ নামৰ দুই যুৱকক ঘৰৰ পৰা উলিয়াই আনি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷

Two youths brutally beaten in front of the police
আৰক্ষীৰ সন্মুখতেই কোবাই আধামৰা কৰিলে দুই যুৱকক

শিলচৰ,14 মে': ৰাজ্যত পুনৰ সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা ৷ কাছাৰৰ শিলকুড়ি অঞ্চলত বৃহস্পতিবাৰে সংঘটিত হোৱা এই জঘন্য ঘটনাই কাছাৰৰ সৰ্বত্ৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ বৃহস্পতিবাৰে নিশা কাছাৰত ডকাইতৰ সন্দেহত এদল লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰি দুই যুৱকৰ প্ৰাণ ৰক্ষা কৰে ৷ ঘটনা অনুসৰি, নিশা পাঁচজন যুৱকে এখন অ'টোৰে ঘৰলৈ গৈ থকা অৱস্থাতে এদল উন্মাদ জনতাই ডকাইতৰ সন্দেহত আটক কৰে যুৱককেইজনক ৷ হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা দলটোক দেখি যুৱক কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও দুই যুৱকে এঘৰ মানুহৰ তাত আশ্ৰয়লৈ থকাৰ সময়তে উন্মাদ লোকৰ দলটোৱে জাভেদ আৰু সাইবুৰ নামৰ দুই যুৱকক ঘৰৰ পৰা উলিয়াই আনি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷

ঠিক সেই সময়তে তহলদাৰী আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ৷ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত উন্মাদ লোকৰ দলটোৰ পৰা দুই যুৱকক আৰক্ষীয়ে চমজি লয় যদিও আৰক্ষীৰ উপস্থিতিতে যুৱত দুজনক প্ৰহাৰৰ বাবে আগবাঢ়ি আহে একাংশ লোক ৷ আৰক্ষীৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈ দলটোৰ একাংশই যুৱক দুজনক তেওঁলোকৰ হাতত গটাই দিয়াৰ দাবী উত্থাপন কৰে ৷ ইহঁতৰ বিচাৰ আমি কৰিম বুলি দলটোৱে দাবী উত্থাপন কৰে যদিও আৰক্ষী অমান্তি হোৱাত আৰক্ষীৰ দলটোৰ ওপৰত জপিয়াই পৰে লোককেইজন ৷ আৰক্ষীৰ বাহনত আক্ৰমণ কৰাৰ লগতে তহলদাৰী আৰক্ষীৰ দলটোক আক্ৰমণ আৰম্ভ কৰে ৷ অৱশেষত উন্মাদ লোকৰ দলটোৱে আৰক্ষীৰ দলটোৰ পৰা যুৱক দুজনক কাঢ়ি আনি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷

লগতে পঢ়ক: হাজোত এখন বাহনৰ ওপৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.