ETV Bharat / state

বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কিশোৰ নাথে - কাছাৰ

মাছুঘাট গাঁও পঞ্চায়ত আৰু সৰুদূতপাতিল বাঘমাৰত আৰক্ষী চকী নোহোৱাৰ বাবে স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ যাৰ বাবে অঞ্চল দুটাৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনক অঞ্চলটোত একোখনকৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে আহ্বান জনাই আহিছিল ৷ জনতাৰ আহ্বানক্ৰমে সোমবাৰে বৰখলাৰ স্থানীয় বিধায়কে আৰক্ষীৰ শীৰ্ষ বিষয়াক লৈ আৰক্ষী চকী নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে ৷

Two new police stations to come up in cachar soon
বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কিশোৰ নাথে
author img

By

Published : Dec 1, 2020, 9:00 AM IST

কাছাৰ, 1 ডিচেম্বৰ : কাছাৰ জিলাৰ বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে সোমবাৰে কেইবাটাও ঠাই পৰিদৰ্শন কৰে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথ, আৰক্ষী উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে আৰু আৰক্ষী অধীক্ষক বনোৱাৰী লাল মিনায়ে । ক্ষেত্ৰ পৰিদৰ্শন কৰি তেওঁলোকে সৰুদূতপাতিল বাঘমাৰ আৰু মাছুঘাট পঞ্চায়তৰ অন্তৰ্গত অন্নপূৰ্ণা ঘাটত আৰক্ষী চকী নিৰ্মাণৰ বাবে বাচনি কৰে ।

বৰখলা সমষ্টিত আৰক্ষী চকী নিৰ্মাণৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কিশোৰ নাথে

ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত দলটোৱে সৰুদূতপাতিল বাঘমাৰ আৰু মাছুঘাট গাঁও পঞ্চায়তৰ অন্নপূর্ণা ঘাটত শীঘ্ৰে আৰক্ষী চকী নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে । আৰক্ষী চকীৰ দুখনৰ নাম সৰুদূতপাতিল বাঘমাৰ আৰক্ষী চকী আৰু অন্নপূর্ণা ঘাট ৰিভাৰ পুলিচ ষ্টেচন ৰখা হ’ব বুলি দলটোৰ নেতৃবৃন্দই জানিবলৈ দিয়ে । উল্লেখ্য যে,মাছুঘাট গাঁও পঞ্চায়ত আৰু সৰুদূতপাতিল বাঘমাৰত আৰক্ষী চকী নোহোৱাৰ বাবে স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ যাৰবাবে অঞ্চলদুটাৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনক অঞ্চলটোত একোখনকৈ আৰক্ষী চকী নিৰ্মাণৰ বাবে আহ্বান জনাই আহিছিল ৷

লগতে পঢ়ক: আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.