কাছাৰ, 19 মে': কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ লগতে দুটাকৈ সৰবৰাহকাৰীক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷
![as_cachar_two-brown-sugar-suppliers-arrested-in-cachar__img_ASC10043](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asc10043_19052021155653_1905f_1621420013_100.png)
ধৃত সৰবৰাহকাৰী দুটাৰ নাম হুছেইন লস্কৰ আৰু কৰিম উদ্দিন মজুমদাৰ বুলি জানিবলৈ দিছে কাছাৰ আৰক্ষীয়ে ৷ জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি কাছাৰ আৰক্ষীৰ এটা দলে মাছিমপুৰৰ এটা ঘৰত অভিযান চলাই ১৪ টা চাবোন বাকচত প্ৰায় ২৮০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দ হোৱা ব্ৰাউন চুগাৰ খিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
লগতে পঢ়ক : অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু