কাছাৰ,1 মাৰ্চ : কাছাৰ জিলাৰ শিলচৰত সোমবাৰে এগৰাকী টেট শিক্ষয়িত্ৰীক অপহৰণ কৰি লৈ যোৱাৰ সময়ত ৰাইজৰ হাতত আটক হয় এজন যুৱক ৷ আটকাধীন যুৱকজন শ্ৰীকোণাৰ ফিৰোজ উদ্দিন বুলি জানিব পৰা হৈছে ৷ কাটিগড়াৰ বাসিন্দা টেট শিক্ষয়িত্ৰীগৰাকী দেউতাকৰ লগত ঘৰৰ পৰা বাশকান্দি স্কুললৈ যোৱাৰ সময়ত সংঘটিত হয় এই অপহৰণ কাণ্ড ৷ শিক্ষয়িত্ৰীগৰাকী শিলচৰ শ্ৰীকোণাত উপস্থিত হোৱাৰ সময়ত এখন বলেৰ' বাহনত অহা দুষ্কৃতিকাৰীৰ দলে টেট শিক্ষয়িত্ৰীগৰাকীক অপহৰণ কৰি লৈ যোৱাৰ চেষ্টা কৰে ৷ কিন্তু শিক্ষয়িত্ৰীগৰাকী আৰু দেউতাকে চিৎকাৰ কৰাত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ এজন যুৱকক আটক কৰে ৷ আনহাতে, আনকেইজন দুষ্কৃতিকাৰী যুৱক বলেৰ' বাহনত পলায়ন কৰিবলৈ সক্ষম হয় ৷ পাছত স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই অপহৰণকাৰী যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে ৷
শিক্ষয়িত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত শিলচৰ তাৰাপুৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে । ইপিনে ধৃত যুৱকজনে আৰক্ষীক দিয়া ভাষ্য মতে, টেট শিক্ষয়িত্ৰী গৰাকীক অপহৰণ কৰাৰ বাবে এজন যুৱকে তেওঁক ৫ লাখ টকাৰ চুপাৰি দিছিল ৷ যাৰবাবে যুৱকজনে টেট শিক্ষয়িত্ৰীগৰাকীক অপহৰণ কৰিবলৈ আহিছিল ৷ আৰক্ষীয়ে ইতিমধ্যে সমস্ত ঘটনাৰ সত্যতা বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : অসমত আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক'ভিড প্ৰতিষেধক