ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Nov 5, 2021, 5:04 PM IST

5 বজাৰ শীৰ্ষ 10 বাতৰি...

5 বজাৰ শীৰ্ষ 10 বাতৰি
5 বজাৰ শীৰ্ষ 10 বাতৰি

অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি : গ্ৰামাঞ্চলৰ একাংশ গৃহিণীৰ মাজত নাই দীপাৱলীৰ আনন্দ

আমগুৰিৰ এটা গ্ৰামাঞ্চলৰ একাংশ গৃহিণীৰ মাজত নাই দীপাৱলীৰ আনন্দ ৷ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বাবে মিঠাতেল, দাইল, আলু, পিঁয়াজকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ অনুভৱ কৰিছে গৃহিণীসকলে ৷ তদুপৰি ৰন্ধন গেছৰ পৰিৱৰ্তে পাকঘৰত খৰিৰ চৌকা ব্যৱহাৰ কৰিবলৈ লৈছে গৃহিণীসকলে ৷

এবছৰলৈ সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মন্ত্ৰীসভাখনৰ প্ৰতিজন সদস্যই সকলো কাম নিয়াৰিকৈ কৰি আছে ৷ গতিকে অন্ততঃ অহা এবছৰলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা কৰা নাই ।

এপালিও ভেকচিন লোৱা নাই ৰাজ্যৰ 32 লাখৰো অধিক লোকে

ৰাজ্যত 18 বছৰৰ উৰ্ধৰ 2,34,66,806 গৰাকী লোকৰ বিপৰীতে এতিয়ালৈকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে 2,02,60,233 গৰাকী লোকে । সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰ্দেশনা এতিয়া বাস্তৱত নাই । কোনেও মানি নচলে ক'ভিড(Covid) বিধি । ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ।

শেষ হ'ব চাৰধাম যাত্ৰা; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

উত্তৰাখণ্ড(Uttarakhand)ত বিশ্ববিখ্যাত চাৰধাম যাত্ৰা শুকুৰবাৰে শেষ হ'ব ৷ ইমানদিনে কৰ'ণাৰ প্ৰভাৱৰ ফলত উচ্চ ন্যায়ালয়ৰ নিৰ্দশ মৰ্মে চাৰধাম যাত্ৰা বন্ধ হৈ আছিল ৷ পোহৰৰ উৎসৱ দীপাৱলীৰ দিনা 6,289 গৰাকী তীৰ্থযাত্ৰীয়ে চাৰিওটা তীৰ্থস্থান দৰ্শন কৰে বুলি জানিব পৰা গৈছে ৷

BSP ৰ অভিযোগ; উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে BJPয়ে ৰামৰ নামত SP য়ে জিন্নাৰ নামত বিচাৰিছে ভোট

উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহুজন সমাজ পাৰ্টী (BSP) ৰ মুখপাত্ৰ সুধীন্দ্ৰ ভাদুৰিয়াই শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু সমাজবাদী পাৰ্টী (SP) ক তীব্ৰ সমালোচনা কৰি দুয়োটা দলে ধৰ্মীয় ভিত্তিক ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

ক্ৰুজত ড্ৰাগছ পাৰ্টী গোচৰ : NCBৰ কাৰ্যালয়ত হাাজিৰ আৰিয়ান খান

শুকুৰবাৰে নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ কাৰ্যালয়ত হাজিৰ হয় বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান । জামিনৰ চৰ্ত সাপেক্ষে প্ৰতি শুকুৰবাৰে তেওঁক নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । কৰ্ডেলিয়া ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক ।

নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

বৃহস্পতিবাৰে সন্ধিয়া নুমলীগড়ৰ মহুৰামুখ 1 নং গৰৈমাৰী গাঁৱত মাৰপিট ৷ মাৰপিটৰ ফলত মৃত্যু হয় এজন যুৱকৰ ৷ ঘটনাস্থলীত কমাৰগাঁও, খুমটাই, দেৰগাঁও, বোকাখাত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

ক’লা মাস্কধাৰী দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু তাইজুদ্দিন মিঞাঁৰ

বৰপেটাৰ ছাপৰা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ বৃহস্পতিবাৰে সন্ধিয়া বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই চুৰিৰে হানি-খুচি হত্যা কৰে 50 উৰ্দ্ধৰ তাইজুদ্দিন মিঞাঁ নামৰ এজন লোকক ৷

সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী : তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো পালন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা(Bhupen Hazarika)ৰ দশম মৃত্যু বাৰ্ষিকী(Death Anniversary) ৷ সুধাকণ্ঠৰ স্মৃতি দিৱসৰ দিনটোত তেজপুৰ বিভিন্ন স্থানৰ লগতে তেজপুৰ কলা ভূমিত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, কলা ভূমিৰ পৰিয়ালৰ হৈ শান্তনু মহন্তৰ লগতে তেজপুৰ সাহিত্য সভায়ো শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰঙাপৰাত বন্যহস্তীৰ বৃহৎ জাকৰ মুক্ত বিচৰণ

শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীয়ে এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে । ৰঙাপৰাৰ প্ৰতিখন চাহ বাগিচাতে মুক্ত বিচৰণ কৰিছে বনৰীয়া হাতীৰ বৃহৎ জাকে । বনাঞ্চল, অভয়াৰণ্যৰ বিপৰীতে ৰঙাপৰাৰ চাহ বাগিচাসমূহ সম্প্ৰতি বনৰীয়া হাতীৰ বিচৰণস্থলীলৈ পৰিণত হৈছে । লগত পোৱালি লৈ খাদ্যৰ সন্ধানত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে বনৰীয়া হাতী । বন্যহস্তীৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী হ'ল ইটিভি ভাৰতৰ সাংবাদিকৰ কেমেৰাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.