শিলচৰ,2জুলাইঃ ৰবীন হুড আৰ্মী নামৰ এটা সংগঠনে হাতত লৈছে বিশেষ প্ৰচেষ্টা ৷ 1জুলাইৰ পৰা 15 আগষ্টলৈকে খাদ্যৰ যোগান ধৰিব দৰিদ্ৰ জনতাক ৷ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে প্ৰায় তিনি কোটি মানুহক খাদ্য যোগান ধৰিব বুলি ব্যক্ত কৰিছে ৷ সংগঠনটোৱে 1 জুলাইৰ পৰা এই খাদ্য যোগান প্ৰচেষ্টা চলাই আছে ভাৰতৰ বিভিন্ন স্থানত ৷ শেহতীয়াকৈ শিলচৰৰ ৰে'ল ষ্টেচনত খাদ্য যোগান ধৰিছে ৰবীন হুড আৰ্মী নামৰ এই বিশেষ সংগঠনটোৱে ৷
কোনো সুহৃদয়ৱান লোকে তেওঁলোকক সহযোগ কৰিবৰ ইচ্ছা কৰিলে (টকা-পইছাৰে নহয়)খাদ্য সামগ্ৰী যোগান ধৰি সহযোগ কৰিব পাৰে বুলি ব্যক্ত কৰিছে সংগঠনটোৰ সদস্যসকলে ৷