শিলচৰ, 26 ছেপ্টেম্বৰঃ 24 ঘণ্টাত তিনিটাকৈ মৰেল পুলিচিঙৰ কাণ্ড ৷ কাছাৰত সৰ্বত্ৰে এতিয়া আতংক ৷ সোপাধৰাৰ সন্দেহত এটাৰ পাচত এটাকৈ মৰেল পুলিচিঙৰ ঘটনা ৷ এলান্ধু কলীয়া অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷
বুধবাৰে ৰাতি জিলা খনৰ ধলাই সমষ্টিৰ ক্লেভাৰ হাউচৰ ৰাইজে সোপাধৰাৰ সন্দেহত এজন অচিনাকী যুৱকক মাৰপিট কৰি আৰক্ষীক গটাই দিয়াৰ ঘটনা সংঘটিত হৈছিল ৷ তাৰ পাচতেই এই ঘটনা বন জুইৰ দৰে বিয়পি পৰিছিল জিলা খনৰ আন আন অঞ্চল সমূহত যাৰ বাবে সোপাধৰাৰ নামত গণ প্ৰহাৰৰ ঘটনা এইবাৰ সংঘটিত হয় সোণাই নতুন ৰাম নগৰত ৷ প্ৰাপ্ত তথ্য অনুসৰি, পথৰ কাষত পৰি থকা মানসিক বিকাৰগ্ৰস্ত মহিলাক সোপাধৰাৰ সন্দেহত আক্ৰমণ কৰে স্থানীয় একাংশ ৰাইজে ৷ পৰৰ্বতী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে ৷
আনহাতে আৰক্ষী প্ৰশাসনে সোপাধৰাৰ দৰে এলান্ধুকলীয়া অন্ধ বিশ্বাসত আতংকিত নহ'বলৈ জনসাধাৰণক আহ্বান জনাইছে যদিও এতিয়াও জিলা খনত মাৰ যোৱা নাই সোপাধৰাৰ আতংক ৷