শিলচৰ,18 ফেব্ৰুৱাৰী: অসমত দিনে দিনে বাঢ়ি অহা ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কাছাৰৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷ বুধবাৰে কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি ছিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে অনাগত দিনত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক: কাৰ্বি আংলঙত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ