ETV Bharat / state

দেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজনঃসুস্মিতা দেৱ - সুস্মিতা দেৱ

2012 চনৰ নিৰ্ভয়া হত্যাকাণ্ডৰ চাৰি অপৰাধীক শুকুৰবাৰে পুৱা ফাঁচিকাঠত ওলমোৱা হয় ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱে ৷ দেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন বুলি মন্তব্য কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে ৷

SUSHMITA DEV SAID ABOUT CHANGES OF THE SYSTEM OF INDIAN LAW
দেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজনঃসুস্মিতা দেৱ
author img

By

Published : Mar 20, 2020, 8:05 PM IST

শিলচৰ,20 মাৰ্চঃ 2012 চনৰ নিৰ্ভয়া হত্যাকাণ্ডৰ চাৰি অপৰাধীক শুকুৰবাৰে পুৱা ফাঁচিকাঠত ওলোমোৱা হয় ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱে ৷ সুস্মিতা দেৱে কয় যে, এই ঘটনাৰ দোষীসকলৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত বহু পলম হৈছে ৷ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন হয় যদিও পৰৱৰ্তী সময়ত আবেদন কৰি বহু বছৰ পাৰ হয় ৷ আবেদন কৰাৰ অধিকাৰ সকলো অভিযুক্তৰে আছে কিন্তু এই আপিল ব্যবস্থাৰ পৰিৱৰ্তন নহ'লে ন্যায় প্ৰক্ৰিয়াত বিলম্ব হয় ৷ সয়েহে এইক্ষেত্ৰত দেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন বুলি মন্তব্য কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে ৷

দেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজনঃসুস্মিতা দেৱ

লগতে পঢ়ক-নুৰজাহান বিবিৰ কথা শুনিব কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.