ETV Bharat / state

কৰিমগঞ্জত অধিবক্তাৰ পুত্ৰৰ বিৰুদ্ধে পিতৃ হত্যাৰ অভিযোগ ! - গুৱাহাটী উচ্চ ন্যায়ালয়

কৰিমগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা । অধিবক্তা পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন । সম্পত্তিৰ বাবেই জন্মদাতা পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ভাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল ভগ্নীৰ ।

author img

By

Published : Apr 3, 2020, 5:51 PM IST

কৰিমগঞ্জ, 3 এপ্ৰিলঃ দেশ জুৰি লক ডাউন চলি থকাৰ মাজতে কৰিমগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা । অধিবক্তা পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন । সম্পত্তিৰ লোভতেই জন্মদাতা পিতৃক হত্যা কৰে বুলি অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভগ্নীয়ে । ভগ্নীৰ অভিযোগৰ ভিত্তিতে অধিবক্তা পুত্ৰ আবু তাহেৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

কৰিমগঞ্জত অধিবক্তাৰ পুত্ৰৰ বিৰুদ্ধে পিতৃ হত্যাৰ অভিযোগ!

কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ বাঘন পঞ্চায়তৰ কাঠলতলী এলেকাত সংঘটিত হৈছে এই ঘটনা । মৃত্যু হোৱা ব্যক্তি জনৰ নাম জহুৰ উদ্দিন ৷ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আছিল মৃত জহুৰ উদ্দিন । আনহাতে, হত্যাকাণ্ড অভিযোগ উত্থাপন হোৱা পুত্ৰৰ নাম আবু তাহেৰ ।

উল্লেখ্য যে, পুত্ৰ আবু তাহেৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা । তাহেৰে দীৰ্ঘ দিন ধৰি সম্পত্তিৰ কাৰণে পিতৃৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন কৰে ভগ্নীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা ডিঙি চেপি হত্যা কৰে বুলি অভিযোগ তোলে । আনকি মৃতদেহ নিজৰ ঘৰতেই লুকুৱাই থৈছিল বুলিও অভিযোগ তোলে ভগ্নী গৰাকীয়ে ।

আনহাতে, ঘটনাস্থলীত বাজাৰিছড়া আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.