ETV Bharat / state

অসমৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত লোকৰ বিষয়ে কিছু তথ্য !

author img

By

Published : Mar 31, 2020, 11:45 PM IST

অসমত কৰ'ণা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তি চিনাক্ত ৷ দিল্লীৰ নিজামুদ্দিন দৰগাহত হোৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল লোকজনে ৷ এই ধৰ্মীয় অনুষ্ঠানত অসমৰ পৰা প্ৰায় 299 গৰাকী লোকে অংশগ্ৰহণ কৰিছিল ৷ আক্ৰান্ত লোকজন কৰিমগঞ্জৰ ৷

first corona patient of Assam
first corona patient of Assam

শিলচৰ, 31 মাৰ্চ : অসমত ধৰা পৰিলে প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ৰোগী ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ হাচনপুৰ গাঁৱৰ কচুয়াদম গাঁৱৰ ৫৫ বছৰীয়া এজন ব্যক্তি দিল্লীৰ নিজামউদ্দিনৰ পৰা ১৩ মাৰ্চত ঘৰত উভতি আহিছিল। ৫ মাৰ্চত দিল্লী গৈছিল লোকজন । তাৰ পৰা উভতি আহি তেওঁ গুৱাহাটীৰ হাতীগাঁৱলৈ গৈছিল ।

অসমৰ প্ৰথমজন কৰ'ণা আক্ৰান্তৰ বিষয়ে কিছু তথ্য !

কেঞ্চাৰ আৰু ডায়াবিটিছ ৰোগত আক্ৰান্ত এই ব্যক্তিজনে গুৱাহাটীৰ পৰা উভতি অহাৰ পিচত তেওঁৰ ঘৰৰ ওচৰত থকা শ্ৰীগৌৰী হাস্পতালত নিজৰ পৰীক্ষা কৰাইছিল । তাৰ পৰা তেওঁক শিলচৰ মেডিকেল কলেজলৈ পঠোৱা হৈছিল আৰু তাত দুবাৰকৈ পৰীক্ষা কৰোৱা হৈছিল । পিছত পুনাৰ এনআইভি'ত পৰীক্ষা কৰি পজিটিভ পোৱা যায় বুলি শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱা জনাইছে ।

শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই জনালে কৰ'ণা ৰোগীৰ শেহতীয়া স্থিতি

উল্লেখ্য যে, দিল্লীৰ নিজামউদ্দিনত অনুষ্ঠিত দৰগাহত হোৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বহুকেইজন লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ অহাৰ পাচতে এক আতংকৰ সৃষ্টি হৈছে ৷ অসমৰো বহুসংখ্যক লোক এই অনুষ্ঠানলৈ যোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে আৰু তাৰে একাংশ উভতি অহা লোকৰ বৰ্তমানেও কোনো শুংসূত্ৰ পোৱা হোৱা নাই ৷ গতিকে ৰাইজক আতংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হ'বলৈ আহ্বান জনাইছে চৰকাৰ তথা প্ৰশাসনে ৷

কৰ'ণা ৰোগী সন্দৰ্ভত সাংসদ ৰাজদ্বীপ ৰয়ৰ মন্তব্য

লগতে পঢ়ক : অসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.