শিলচৰ, 12 মাৰ্চঃ শিলচৰ চহৰৰ পূব প্ৰান্তৰ কেইবাটাও পথৰ কামক লৈ সন্তুষ্ট নহয় কেবাটাও অঞ্চলৰ ৰাইজ ৷ সেয়ে এই সম্পৰ্কত ৰাইজৰ মাজত ক্ষোভে দেখা দিছে ৷ ইতিমধ্যে লোকসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যকৰী অভিযন্তাৰ কাৰ্যালয়লৈ গৈ পথৰ কামৰ অনিয়ম সন্দৰ্ভত অভিযোগ দাখিল কৰিছে ৷
সাংবাদিকৰ আগত পথৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰি স্থানীয় ৰাইজে কয় যে,তেওঁলোকৰ অঞ্চলৰ পথ,পানী সকলো সমস্যাক লৈ আগৰ নিচিনা আজিও সাংসদ বিধায়কসকল উদাসীন। একো নেদেখে জনপ্ৰতিসকলে।
উল্লেখ্য যে,এবছৰ আগতেই ৰাইজৰ আন্দোলনৰ পিছত কনকপুৰ ৰোডৰ এক কোটি ৮৮ লাখ টকাৰ কাম আৰম্ভ হৈছিল যদিও আজিলৈকে কামৰ একো অগ্ৰগতি নহ'ল। যোৱা তিনি মাহ ধৰি কাম বন্ধ হৈ আছে ৷ শীঘ্ৰেই সঠিক ভাৱে কাম সম্পূৰ্ণ নকৰিলে আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব বুলি প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ হঠাতে অসুস্থ হৈ পৰে কণ্ঠশিল্পী বিপিন চাওদাং