কাছাৰ,12ছেপ্টেম্বৰ : কাছাৰ জিলাৰ উধাৰবন্দৰ ভিআইপি ৰোডৰ দুৰৱস্থা ৷ পথটোৰ দুৰৱস্থাৰ বাবে প্ৰতিদিনে সংঘটিত হয় দুৰ্ঘটনা ৷ তিনি বছৰ পূৰ্বে এই পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই নিৰ্মাণ কাৰ্য ৷ পথটোৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে দু্ৰ্ভোগ ভুগি আহিছে অঞ্চলবাসীয়ে ৷ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷
ইফালে, এই পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰতিদিনে সংঘটিত হয় দুৰ্ঘটনা ৷ স্থানীয় লোকে জনোৱা অনুসৰি, মন্ত্ৰী-বিধায়ক সলনি হ'লেও সলনি হোৱা নাই দুৰ্নীতি ৷ পথটোৰ দুৰৱস্থাৰ বাবে বৃহস্পতিবাৰৰ লগতে শনিবাৰেও সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথটোত সৃষ্টি হোৱা দ-গাঁতৰ বাবে পথটোত বাগৰি পৰে কয়লা ভৰ্তি এখন ট্ৰাক ৷
অন্য এক খবৰৰ বাবে: আজিও সম্পূৰ্ণ নহ'ল কৰিমগঞ্জৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ কাম
উল্লেখ্য যে, 2017 চনৰ 12 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাছাৰ জিলাৰ উধাৰবন্দৰ ভিআইপি ৰোডটোৰ উদ্ধোধন কৰিছিল আধাৰশিলা ৷ ইয়াৰ পাছতে 2019চনৰ 11 অক্টোবৰত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ মাৰ্চ মাহত পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলি উধাৰবন্দৰ ৰাইজক আশ্বাস দিছিল ৷ কিন্তু বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই পথটোৰ কাম ৷
স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, মন্ত্ৰী-বিধায়কৰ যাত্ৰাৰ সময়ত মেৰামতি কৰা হয় এই পথটো ৷ পথটোত সৃষ্টি হোৱা গাঁতৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ স্থানীয় বিধায়ক মিহিৰকান্তি সোমে পথটোৰ মেৰামতিৰ বাবে গ্ৰহণ কৰা নাই কোনো গুৰুত্ব ৷