শিলচৰ,6 মাৰ্চ: শিলচৰৰ ৰাঙিৰখাৰিত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা নাগাটিল্লাত AS 11 BC 9616 নম্বৰৰ এখন ট্ৰাকত চলোৱা আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় 40 কাৰ্টুন সুৰা ৷ ৰাঙিৰখাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷
আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হয় ট্ৰাক চালক ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব কোনে এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা কঢ়িয়াই আনিছিল ৷
লগতে পঢ়ক- ডিব্ৰুগড়ত ভাতৃৰ বাবে হেৰুৱালে টিকট !