শিলচৰ,7 এপ্ৰিলঃ লক ডাউন ঘোষণাৰ পিছৰে পৰা শিলচৰ ৰে’ল ষ্টেচনত আৱদ্ধ হৈ আছে কেইবাখনো ৰে'ল ৷ সেয়ে কৰ্তৃপক্ষই ষ্টেচনটো চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যাৱতীয় কাম অব্যাহত ৰাখিছে । আৱদ্ধ ৰে'লৰ ডবাবোৰত অত্যাধুনিক সা-সুবিধা সংলগ্ন কৰি ইয়াক চিকিৎসালয়ৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই ৷ দেশৰ জৰুৰীকালীন পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে শিলচৰ ৰে’ল ষ্টেচন কৰ্তৃপক্ষই ৷
লগতে চাওকঃ ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা