কাছাৰ,14 আগষ্ট : অসম খিলঞ্জীয়া জনসুৰক্ষা কমিটিয়ে শুকুৰবাৰে শিলচৰত এক সংবাদমেলৰ আয়োজন কৰি ক্লজ-6 কমিটিৰ প্ৰতিবেদনক স্বাগতম জনায় ৷ সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৱে বৰাক উপত্যকাৰ খিলঞ্জীয়াৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ খিনি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ কাৰণ কাছাৰ জিলাৰ খিলঞ্জীয়াসকলৰ সকলো চৰকাৰী নথি 1982 চনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত অগ্নিকাণ্ডত ভষ্মীভূত হৈ গৈছিল ৷ সেয়ে সংবাদমেলৰ জৰিয়তে কাছাৰৰ উক্ত ভুক্তভুগী লোকসকলৰ চৰকাৰী নথি-পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷
উলেখ্য যে,অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰই গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ প্ৰতি চৰকাৰে বিগত পাচ মাহে কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই সেই প্ৰতিবেদন ৰাজহুৱা কৰিছে । স্বাভাৱিকতে এই বিষয়টোক লৈ ৰাজ্যত এতিয়া ৰাজনীতিও আৰম্ভ হৈছে । এনে সময়তে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উক্ত উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰতিবেদন ৰাজহুৱাকৰণ আছুৰ নিজা সিদ্ধান্ত বুলি মন্তব্য কৰিছে ।
লগতে পঢ়ক : আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাটো তেওঁলোকৰ নিজা সিদ্ধান্ত: বিপ্লৱ শৰ্মা