ETV Bharat / state

ৰাজ্য চৰকাৰৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ - Silchar Hindi bhasi protest

কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু দিন পূৰ্বে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত উল্লেখ কৰে যে, "ৰাজ্য চৰকাৰৰ অন্তৰ্গত যিকোনো চাকৰিৰ বাবে অসমীয়া, বড়ো, বঙালী ভাষাটো আৱশ্যকীয় ৷ উক্ত ভাষা কেইটাৰ ওপৰত জ্ঞান থকাসকলে চৰকাৰী বিভিন্ন পদত আবেদন কৰিব পৰিব ।"

Silchar
ৰাজ্য চৰকাৰৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ
author img

By

Published : Aug 11, 2020, 3:08 PM IST

শিলচৰ, 11 আগষ্টঃ অসম চৰকাৰৰ বিজ্ঞপ্তিৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিল শিলচৰৰ বিভিন্ন জাতিগোষ্ঠীৰ ৰাইজ ৷ দৰাচলতে, কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু দিন পূৰ্বে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত উল্লেখ কৰে যে, "ৰাজ্য চৰকাৰৰ অন্তৰ্গত যিকোনো চাকৰিৰ বাবে অসমীয়া, বড়ো, বঙালী ভাষাটো আৱশ্যকীয় ৷ উক্ত ভাষা কেইটাৰ ওপৰত জ্ঞান থকাসকলে চৰকাৰী বিভিন্ন পদত আবেদন কৰিব পৰিব ।"

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী

চৰকাৰৰ এই বিজ্ঞপ্তিৰ পাছতে জাঙুৰ খাই উঠে শিলচৰৰ হিন্দী ভাষীসকল ৷ জিলাখনৰ অন্তৰ্গত কেবাটাও জনগোষ্ঠীৰ লোক মিলিত হৈ এটা সংগঠনৰ জন্ম দি ৰাজ্য চৰকাৰৰ বিজ্ঞপ্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে তেওঁলোকৰ দাবী মানি ল'বলৈ কাছাৰ জিলা শাসকৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.