কাছাৰ, 10 জানুৱাৰী : কাছাৰ জিলাৰ নদীগ্ৰামত কাটাখাল নদীয়ে দীৰ্ঘদিন ধৰি চলাই অহা গৰাখহনীয়া ৰোধৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ বৰখলাৰ নদীগ্ৰাম অঞ্চলত দেওবাৰে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কামৰ শিলান্যাস কৰে বিধায়ক কিশোৰ নাথে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে সাংসদ ৰাজদীপ ৰয় আৰু জিলা উপায়ুক্ত কীৰ্তি জল্লীও ৷ আগন্তুক মাৰ্চ মাহৰ ভিতৰত এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাৰ ধাৰণা কৰা হৈছে ৷

উল্লেখ্য যে, নদীগ্ৰাম অঞ্চলত কাটাখাল নদীৰ গৰাখহনীয়াই বছৰ বছৰ ধৰি বিভিন্ন লোকৰ ঘৰবাৰীৰ লগতে কৃষিভূমিও নদীৰ বুকুত বিলীন কৰিছে ৷ বৰ্তমান চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অঞ্চলটোত গৰাখহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে আনন্দ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক : জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ