শিলচৰ, ছেপ্টেম্বৰ 21 : শিলচৰত বিজেপিৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ৷ শিলচৰৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বিমলাংশু ৰায়ৰ জন্মদিন উপলক্ষে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অংশ লয় ৰাম মাধৱে ৷
সভাত ৰাম মাধৱৰ সৈতে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰায়, বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বহু কেইগৰাকী নেতা ৷
নিজৰ ভাষণত ৰাম মাধৱে কয় যে, শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু গোপীনাথ বৰদলৈৰ বাবেই অসম আৰু ভাৰতৰ আধাতকৈ বেছি অংশ পাকিস্তানত সংযুক্ত হোৱা নাছিল ৷ কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে বুলিও কয় ৰাম মাধৱে ৷ ধৰ্মীয় হাৰাশাস্তিৰ সন্মুখীন হৈ প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা 2015 চনলৈকে যিসকল অসম তথা ভাৰতলৈ আহিছে তেওঁ লোকক নাগৰিকত্ব দিয়া হ'ব বুলিও কয় বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ।
আনহাতে, নাগৰিক পঞ্জীত ভুল আৰু বিসংগতি থকাৰ কথা মানি লৈ তেওঁ কয়, এই নাগৰিক পঞ্জী 1951, 1970 আৰু 1985 চনত হ'ব লাগিছিল কিন্তু আগৰ চৰকাৰে এই কাৰ্য সমাধা কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ লগতে এই নাগৰিক পঞ্জীৰ পৰা এজনো বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ নাযায় বুলি মন্তব্য কৰে ৰাম মাধবে ৷