কাছাৰ,27 এপ্ৰিল: ৰায়পুৰ আৰু মানিকপুৰত বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম পৰিদর্শন কৰে বিধায়ক কিশোৰ নাথে । বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে কাছাৰ জিলাৰ জল সম্পদ বিভাগৰ অভিযন্তা অসিত দেৱ ৷
উল্লেখ্য যে, বিধায়ক নাথে বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম কিমান আগবাঢ়িছে সেই সম্বন্ধে বুজ লয় ৷ এই নদীবান্ধৰ ফলত ৰাইজক কেনেদৰে উপকৃত হ’ব সেই সম্বন্ধে সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ পৰা বিৰত থাকে বিধায়ক গৰাকীয়ে ৷