শিলচৰ, 14 জুলাই : শিলচৰৰ ৰাংগীৰখৰি চৌমাথাত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ফৰাম ফৰ চ'ছিয়েল হাৰমনি,অসম মজুৰী শ্ৰমিক ইউনিয়ন আৰু কৰাছে ৷ অখিল গগৈৰ দৰে আগশাৰীৰ নেতাসকলক কাৰাগাৰত বন্দী কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই ৷
অখিল গগৈ,ড: কাফৰ খান আৰু ভাৰভা ৰাওক মুক্তি দিবলৈ দাবী জনাই সংগঠনকেইটাই । প্ৰতিবাদকাৰীয়ে লগতে মন্তব্য কৰে যে,বৰ্তমানৰ চৰকাৰে গণতন্ত্ৰৰ কন্ঠ ৰোধ কৰিছে । চৰকাৰৰ এনে প্ৰয়াসক কোনো কাৰণতে জনসাধাৰণে মানি নলয় । সেয়েহে মঙলবাৰৰ দিনা চৌমাথাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সংৰক্ষণ কৰা হ'বঃ মুখ্যমন্ত্ৰী