কাছাৰ, 17 নৱেম্বৰ : হাইলাকান্দিত বুধবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক । দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শকগৰাকী ৷ গ্ৰেপ্তাৰ হোৱা আৰক্ষী উপ-পৰিদৰ্শকগৰাকী সুধন্য ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে ।
-
SI(UB) Sudhanya Bhattacharjee, of Hailakandi PS was caught red handed by @DIR_VAC_ASSAM while accepting bribe of INR 5000 today (Nov 17th) from the complainant inside Hailakandi PS @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) November 17, 2021 " class="align-text-top noRightClick twitterSection" data="
">SI(UB) Sudhanya Bhattacharjee, of Hailakandi PS was caught red handed by @DIR_VAC_ASSAM while accepting bribe of INR 5000 today (Nov 17th) from the complainant inside Hailakandi PS @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) November 17, 2021SI(UB) Sudhanya Bhattacharjee, of Hailakandi PS was caught red handed by @DIR_VAC_ASSAM while accepting bribe of INR 5000 today (Nov 17th) from the complainant inside Hailakandi PS @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) November 17, 2021
হাইলাকান্দি থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকগৰাকী । 5 হাজাৰ টকাৰ উৎকোচ লৈ হাতে লোটে আটক হয় আৰক্ষী উপ পৰিদৰ্শকগৰাকী ৷ ভূমি সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে ৫ হাজাৰ টকা উৎকোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে । ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই প্ৰকাশ কৰিছে এই কথা ৷
লগতে পঢ়ক : পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ