শিলচৰ,26 এপ্ৰিল: লক ডাউনৰ বাবে কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা শ শ লোকে দেওবাৰে প্ৰশাসনৰ সহযোগত নিজ গৃহ অভিমুখে ৰাওনা হয় ৷ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম অনুসৰি এইদৰে নিজ গৃহলৈ যাত্ৰা কৰে আবদ্ধ হৈ থকা লোকসকলে ৷
এই সময়ছোৱাত জিলা কেইখনৰ বাকীসকল লোকে লক ডাউনৰ নিয়ম মানি চলিছে নে নাই সেই সন্দৰ্ভত আই এচ বিটি আৰু আন কিছুমান ঠাইত তালাচী চলাই আৰক্ষীয়ে ৷ হাইলাকান্দি জিলাৰ কালীনগৰ আৰু ঠাণ্ডাপুৰত আৰক্ষী আৰু চিকিৎসা কৰ্মীৰ দলে চলাই তালাচী অভিযান ৷
লগতে পঢ়কঃ ধুবুৰীত স্বাস্থ্য বিভাগৰ তত্বাবধানত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট