ETV Bharat / state

Manipur crisis: কাছাৰত মণিপুৰী শৰণাৰ্থীৰ সংখ্যা 1500 লৈ বৃদ্ধি

author img

By

Published : May 6, 2023, 10:43 PM IST

কাছাৰৰ লক্ষীপুৰত বৃদ্ধি হৈছে শৰণাৰ্থীৰ সংখ্যা ৷ শনিবাৰে বিয়লিলৈকে লক্ষীপুৰত শৰণাৰ্থীৰ সংখ্যা প্ৰায় ১৫০০ লৈ বৃদ্ধি হয় (Manipur refugees take shelter in Cachar)।

Over 1500 Manipur refugees take shelter in Cachar
কাছাৰত মণিপুৰী শৰণাৰ্থীৰ সংখ্যা 1500 লৈ বৃদ্ধি

কাছাৰ, 6 এপ্ৰিল : অশান্তজৰ্জৰ মণিপুৰত শাম কাটিছে পৰিস্থিতি (Manipuri Refugee in Cachar) ৷ ইয়াৰ সমান্তৰালকে কাছাৰৰ লক্ষীপুৰত শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে । শনিবাৰে বিয়লিলৈকে লক্ষীপুৰত শৰণাৰ্থীৰ সংখ্যা প্ৰায় ১৫০০ লৈ বৃদ্ধি হয় (Manipur refugees take shelter in Cachar)। আজি নিশাৰ ভিতৰত 2000 ৰ ঘৰ চুব পাৰে শৰণাৰ্থীয়ে ৷ ফলত যদি শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি এনে হাৰত বৃদ্ধি হয় তেন্তে আন এটা আশ্ৰয় শিবিৰ খোলাৰে সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে (Over 1500 Manipur refugees take shelter)৷

শনিবাৰে শিলচৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয় আৰু জিৰিবামৰ বিধায়ক আছাব উদ্দিনে লক্ষীপুৰৰ মাৰ্কুলিন অঞ্চলৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰসমূহত থকা লোকসকলৰ বিষয়ে সোধা-পোছা কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাংসদ ৰায়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশ্ৰয় শিবিৰত থকা শৰণাৰ্থীসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। যাৰ বাবে প্ৰশাসনে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা অহা লোকসকলৰ বাবে ৰেচন আৰু খোৱাপানী আৰু বিদ্যুতৰ লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। মণিপুৰত সংঘটিত ঘটনাৰ বাবে ভাৰত চৰকাৰে শান্তি ঘূৰাই অনাৰ বাবে মণিপুৰত বৃহৎ সংখ্যক সেনা বাহিনী মোতায়েন কৰিছে। ৰাজদ্বীপ ৰায়ে অতি সোনকালে মণিপুৰলৈ শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।

ইফালে জিৰিবামৰ বিধায়ক আছাব উদ্দিনে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ নিৰ্দেশমৰ্মে তেওঁ আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বিষয়ে খবৰ লৈছো । প্ৰাণৰ ভয়ত মানুহে জিৰিবামৰ পৰা পলায়ন কৰি কাছাৰ জিলাত আশ্ৰয় লৈছে ৷ সম্প্ৰতি জিৰিবামৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

উল্লেখ্য যে,মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰ এৰি যোৱা শৰণাৰ্থীসকলৰ বাবে ইতিমধ্যে অসম চৰকাৰে ৬ টা আশ্ৰয় শিবিৰ মুকলি কৰে। য'ত হাজাৰ হাজাৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছেহি। যদি শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পায় তেন্তে আন এটা আশ্ৰয় শিবিৰ খোলাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Manipur crisis : নিয়ন্ত্ৰণহীন পৰিস্থিতি; কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.