ETV Bharat / state

কাছাৰত ৭টা বিধানসভাৰ পৰা বিভিন্ন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 13, 2021, 9:43 AM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনত কাছাৰ জিলাৰ ৭টা বিধানসভা সমষ্টিৰ পৰা বহু গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷ শুকুৰবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে টিকট বঞ্চিত বিজেপি বিধায়ক দীলিপ পালেও ৷

কাছাৰত ৭ খন বিধানসভাৰ পৰা বিভিন্ন প্ৰাৰ্থীৰ দাখিল মনোনয়ন

কাছাৰ,13মাৰ্চ: বিধান সভা নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যত এইবাৰ তিনিটা পৰ্যায়ত অনু্ষ্ঠিত হ'ব নিৰ্বাচন ৷ ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ৷ শুকুৰবাৰে অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনত কাছাৰ জিলাৰ ৭টাকৈ বিধানসভা সমষ্টিৰ পৰা বহু গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷

শুকুৰবাৰৰ এই দিনটোতে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে টিকট বঞ্চিত বিজেপি বিধায়ক দীলিপ পালে ৷ কেইবা হাজাৰ সমৰ্থকক লগত লৈ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত বিধায়ক গৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

একেদৰে সোনাই সমষ্টিৰ মহাজোটৰ দ্বাৰা প্ৰক্ষেপিত এআইইউডিএফৰ প্ৰাৰ্থী কৰিম উদ্দিন বড়ভুইয়া ,সোনাই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক এনামুল হকে দাখিল কৰে মনোনয়ন ৷ কাটিগড়াৰ কংগ্ৰেছ প্ৰাৰ্থী খলিল উদ্দিন আৰু লক্ষীপুৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী মুকেশ পাণ্ডেৰো মনোনয়ন দাখিল অন্তিমটো দিনত ।

ইফালে, কাটিগড়াত খলিল উদ্দিনক লৈ সাধৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ কিয়নো প্ৰথম অৱস্থাত এআইইউডিএফৰ প্ৰাৰ্থী আছিল খলিল উদ্দিন ৷ গাদীৰ লোভত প্ৰাৰ্থী গৰাকীয়ে এআইইউডিএফ এৰি কংগ্ৰেছত যোগ দিয়াৰ অভিযোগ সমষ্টিটোৰ এআইইউডিএফ কৰ্মীৰ ৷

অন্য এক খবৰৰ বাবে: গীতৰ তালে-তালে নৃত্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.