কাছাৰ, 30 মে': কাছাৰ জিলাৰ ডিটেনশ্যন কেম্পৰ পৰা আৰু এজন ব্যক্তিয়ে মুক্তি লাভ কৰিছে । সদ্য মুক্তিপ্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম মুনিন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ৷ ডিটেনশ্যন কেম্পৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত দাসৰ বয়স 67 বছৰ ৷
শনিবাৰে দাসৰ পৰিয়ালৰ লোক কাছাৰ জিলাস্থিত ডিটেনশ্যন কেম্পলৈ আহি তেওঁক ঘৰলৈ লৈ যায় ৷ মুনিন্দ্ৰ দাসৰ মুক্তিৰ পাচতে সম্প্ৰতি শিলচৰ ডিটেনশ্যন কেম্পৰ বন্দী সংখ্যা এজনো নাইকিয়া হৈ পৰিছে ৷
লগতে পঢ়ক : জনীয়াত আমছুৰ সঁজাতি দলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন