কাছাৰ, 17 মে’: কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ কুমাৰ নাথৰ সহায়ৰ হাত ৷ অসমত শ্ৰমিক হিচাপে থকা উত্তৰ প্ৰদেশৰ পৰা শ্ৰমিকসকলৰ সহায়ৰ হাত আগবঢ়াইছে বিধায়কগৰাকীয়ে । বিগত দুমাহ ধৰি বন্দী হৈ থকা শ্ৰমিককেইজনে খোজকাঢ়ি ৰে’লপথেৰে নিজ গৃহজিলালৈ গৈ থকা অৱস্থাত স্থানীয় লোকৰ সহায়ত তেওঁলোকক শিলচৰ আইএচবিটিলৈ নিয়ে আৰু তেওঁলোকক খাদ্য সামগ্ৰীৰ যোগান ধৰে ।
ইয়াৰ লগতে হাতত টকা প্ৰদান কৰি তেওঁলোকক নিজ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিয়া বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: লক ডাউন: বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা