ETV Bharat / state

অসম-মিজোৰাম সীমান্তত উপস্থিত কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

author img

By

Published : Nov 8, 2020, 6:47 PM IST

Updated : Nov 8, 2020, 7:33 PM IST

দেওবাৰে অমস-মিজোৰাম সীমান্ত অঞ্চল পৰিৰ্দশন কৰিবলৈ গৈ ধলাই সমষ্টিৰ অৰ্ন্তগত খুলিছৰাত উপস্থীত হৈছিলগৈ কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা দলটোত আছিল প্ৰাক্তন সাংসদ সুস্মিতা দেব, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, অজিত সিং, পংকজ বৰবৰা, বিধায়ক কমালক্ষ দে পুৰকায়স্থকে ধৰি বহু সংখ্যক কংগ্ৰেছী নেতাকৰ্মী ৷ প্ৰতিনিধিৰ দলটো ধলাই সমষ্টিৰ খুলিছৰা সীমান্তত উপস্থিত হোৱাৰ লগে লগে মিজো দুৰ্বৃত্তই কংগ্ৰেছৰ প্ৰতিনিধি দলটোলৈ উদ্দেশ্যি শিলগুটি নিক্ষেপকে ধৰি আক্ৰমণ কৰিলে ধনু কাঢ়েৰে ৷

mizo-miscreants-attack-a-congress-delegation-team-visiting-the-border-area
অসম-মিজোৰাম সীমান্তত উপস্থিতি হোৱা কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

কাছাৰ,8 নৱেম্বৰঃ অসম-মিজোৰাম সীমান্তত সীমা বিবাদক কেন্দ্ৰ কৰি বতমানেও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ মিজোৰামৰ দুৰ্বৃত্তই অসমৰ ভূমিত থকা দুখনকৈ বিদ্যালয় বিষ্ফোৰন ঘটাই ধ্বংস কৰিছে ৷ তাৰোপৰি মিজো দুৰ্বৃত্তৰ আক্ৰমণ অৰ্ধশতাধিক লোক আহত হৈছে ৷ প্ৰাণৰ মমতাত সীমান্ত অঞ্চল এৰি পলায়ন কৰাৰ পৰিস্থিতি সৃষ্টি হৈছে অসমৰ লোক সকলৰ মাজত ৷ ইপিনে দুয়োখন ৰাজ্যৰ ৰ্শীষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াৰ লগতে শীৰ্ষ আৰক্ষী বিষয়া সকলেও সীমান্তত উপস্থিত হৈ বিবাদ মীমাংসা কৰিবৰ বাবে বহিছে বহু কেইখন আলোচনাত ৷ কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ মীমাংস হোৱা পৰিলক্ষিত নহ’ল ৷ এই সীমান্ত অঞ্চলটোত উত্তেজনা অব্যাহত থকাৰ মাজতে বৰ্তমানেও মিজো দুৰ্বৃত্তই আগ্ৰাসী মনোভাব গ্ৰহণ কৰি সীমান্ত অঞ্চলত বসবাস কৰা অসমৰ লোক সকলৰ ওপৰত বিভিন্ন ধৰণে নিৰ্যাতন চলাই গৈছে ৷

তাৰ মাজতে পৰিস্থিতি অধ্যয়নৰ উদ্দেশ্যে দেওবাৰে অসম- মিজোৰাম সীমান্ত অঞ্চল পৰিৰ্দশন কৰিবলৈ গৈ ধলাই সমষ্টিৰ অৰ্ন্তগত খুলিছৰাত উপস্থীত হৈছিলগৈ কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা দলটোত আছিল প্ৰাক্তন সাংসদ সুস্মিতা দেব, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, অজিত সিং, পংকজ বৰবৰা, বিধায়ক কমালক্ষ দে পুৰকায়স্থকে ধৰি বহু সংখ্যক কংগ্ৰেছী নেতাকৰ্মী ৷ প্ৰতিনিধিৰ দলটো ধলাই সমষ্টিৰ খুলিছৰা সীমান্তত উপস্থিত হোৱাৰ পাছতেই মিজো দুৰ্বৃত্তই কংগ্ৰেছৰ প্ৰতিনিধি দলটোক উদ্দেশ্যি শিলগুটি নিক্ষেপকে ধৰি আক্ৰমন কৰিলে ধনু কাঢ়েৰে ৷ পৰিস্থিতি অৱনমিত হৈ পৰাত কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে ততাতয়াকৈ সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ অৱশ্যে সীমান্তৰ অঞ্চলটোত নিয়োজিত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ তৎপৰতাত মিজো দুৰ্বৃত্তৰ দলটোৱে সেই স্থান ত্যাগ কৰে ৷ ইফালে সীমান্তৰ এই উত্তেজনামই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰে কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে ৷

অসম-মিজোৰাম সীমান্তত উপস্থিত কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা মিজো দুবৃত্তই অসমৰ সীমান্ত অঞ্চলত বসবাস কৰা লোক সকলক হাৰাশাস্তি কৰাৰ ফলত অসম মিজোৰাম সীমান্তত এক চেপা-উত্তেজনাই বিৰাজ কৰি আছে ৷ ইপিনে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ স্বত্বেও বিষয়টো মীমাংসা কৰিব নোৱাৰত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ অতি শীঘ্ৰে চৰকাৰে অসম-মিজোৰাম সীমা বিবাদ মীমাংসাৰ সমস্যাটো সামাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ আশংকা কৰিছে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৷

আনহাতে মিজো দুৰ্বৃত্তই আক্ৰমণ কৰা স্থানৰ পৰা কিছু নিলগলৈ আহি কংগ্ৰেছৰ সজাতি দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি শাসিত চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা যায় ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জোৱান নিহত

Last Updated : Nov 8, 2020, 7:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.