ETV Bharat / state

বৰখলাত সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাৰ বিজেপিত যোগদান

প্ৰায় 70 গৰাকী সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাই কাছাৰৰ বৰখলাত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷ বিধায়ক কিশোৰ নাথৰ কাম-কাজৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে এই দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

author img

By

Published : Sep 15, 2020, 12:17 PM IST

minority women joined BJP in cachar assam etv bharat news
বিজেপিত সদস্যভৰ্তি

কাছাৰ,15 ছেপ্তেম্বৰ: লক্ষ্য 2021 ৰ নিৰ্বাচন ৷ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত তৎপৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল ৷ কাছাৰৰ বৰখলা সমষ্টিৰ ভাংগাৰপাৰ গাঁও পঞ্চায়তত দেওবাৰে প্ৰায় 70 গৰাকী সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাই বিজেপিত যোগদান কৰে ৷ বৰখলাৰ বিধায়ক কিশোৰ নাথৰ নেতৃত্বত মহিলাসকলে যোগদান কৰে বিজেপিত ৷ কৰ’ণা মহামাৰীৰ বাবে জাৰি কৰা সকলো নীতি-নিয়ম অক্ষুণ্ণ ৰাখি শিলচৰৰ ইএনডি কলনিস্থিত বিধায়ক গৰাকীৰ বাসভৱনত মহিলাসকলে আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে ৷

বিজেপিত সদস্যভৰ্তি

দলটোত যোগদানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলাসকলৰ কল্যাণৰ স্বাৰ্থত কাম কৰাৰ উপৰিও নাৰী সবলীকৰণত গুৰুত্ব প্ৰদান কৰাৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰাৰ কথা ব্যক্ত কৰে নৱাগত বিজেপিৰ সদস্যাসকলে ৷ বিগত চাৰি বছৰে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনভাৰ চম্ভালাৰ পিছত বৰখলাত উন্নয়নৰ জোৱাৰ উঠা বুলিও মন্তব্য কৰে ৷ বিশেষকৈ বিধায়ক কিশোৰ নাথৰ কাম-কাজৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে এই দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দলীয় সদস্য ভৰ্তি অনুষ্ঠানটোত উপস্থিত থাকে ভাংগাৰপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আস্মাতাৰা বেগম, চুলতানা বেগমকে ধৰি বহু কেইগৰাকী বিজেপিৰ দলীয় কৰ্মী ৷

লগতে চাওকঃ বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.