ETV Bharat / state

শিলচৰৰ মহিষা বিলত মাছ ধৰাত ব্যস্ত হাজাৰ হাজাৰ লোক - Mohisa Bill Silchar

Fishing in Silchar : মহিষা বিলত মাছ ধৰাত ব্যস্ত হাজাৰ হাজাৰ লোক ৷ লোকাৰণ্য হৈ পৰিল মহিষা বিল ৷

Fishing in Silchar
মহিষা বিলত মাছ ধৰাত ব্যস্ত হাজাৰ হাজাৰ লোক
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:56 PM IST

মাছ ধৰাত ব্যস্ত হাজাৰ হাজাৰ লোক

শিলচৰ, 6 জানুৱাৰী : শিলচৰৰ ঐতিহাসিক মহিষা বিলত মাছ ধৰাত ব্যস্ত হাজাৰ হাজাৰ লোক ৷ আজি পুৱাৰে পৰা হঠাৎ হাতে হাতে জাল, মাছ ধৰা বিভিন্ন সঁজুলি লৈ বিলত নামিল হাজাৰ হাজাৰ লোক ৷ শিলচৰৰ বেতুকান্দিস্থিত ঐতিহাসিক মহিষা বিলত নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে দেখা গ’ল এই পৰিৱেশ ৷

পুৱাৰে পৰা এইদৰে হাজাৰ হাজাৰ লোকে বিলত মাছ ধৰা পৰিলক্ষিত হ’ল ৷ কোনোবাই যদি বিভিন্ন জাল, আন কোনো মাছ ধৰা সঁজুলিৰে মাছ ধৰিছে, আকৌ আন কোনোবাই হাতেৰে ধৰিলে বিলৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ ৷ এক কথাত বিৰাট মৎস্য মেলা আৰম্ভ হ’ল শিলচৰৰ মহিষা বিলত ৷ ৰৌ, বৰালি আদি বিভিন্ন প্ৰকাণ্ড প্ৰকাণ্ড মাছ ধৰি উল্লাসিত হৈ পৰিল ৰাইজ ৷ পুৰুষৰ সমান্তৰালকৈ মহিলা সকলো ব্যস্ত হৈ পৰিল মাছ ধৰাত ৷ লোকাৰণ্য হৈ পৰিল মহিষা বিল ৷

স্থানীয় লোকৰ লগতে দূৰদূৰিণৰ পৰা বিভিন্ন যান-বাহন লৈ মহিষা বিলত মাছ ধৰিবলৈ আহিল হাজাৰ হাজাৰ লোক ৷ উল্লেখ্য যে, পোনপ্ৰথম বাৰৰ বাবে এইদৰে হাজাৰ হাজাৰ লোকে একলগ হৈ মহিষা বিলত মাছ ধৰিবলৈ নমা পৰিলক্ষিত হ’ল ৷ স্থানীয় একাংশ লোকৰ মতে, 2022 চনৰ ভয়ংকৰ বানপানীৰ সময়তে বেতুকান্দিৰ এই মহিষা বিলত অসংখ্য মাছ প্ৰৱেশ কৰে ৷ এইবাৰ খৰালি কাল সোমোৱাৰ লগে লগে বিলৰ পানী হঠাৎ কমি যোৱাত মাছৰ উজান উঠে ৷ শুকুৰবাৰৰ দিনটোতো স্থানীয় কিছু লোকে বুজন পৰিমাণৰ মাছ ধৰিছিল এই মহিষা বিলত আৰু আজি এই খবৰ অঞ্চলজুৰী বিয়পি পৰাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক মহিষা বিলত আহি উপস্থিত হৈ মাছ ধৰাত ব্যস্ত হৈ পৰে ৷

লগতে পঢ়ক : মণিপুৰৰ ৰাজ্যিক ফুটবল লীগত অংশগ্ৰহণৰ বাবে নিবিদা মাছুল ৪ লাখ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.