শিলচৰ,17 ফেব্ৰুৱাৰী: মঙলবাৰে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে যোৱা পাঁচ বছৰত সমষ্টিৰ উন্নয়ন সন্দৰ্ভত সাফল্যৰ খতিয়ান শীৰ্ষক এখন আলোচনী প্রকাশ কৰে ৷ বিধায়কগৰাকীৰ বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠানত আলোচনীখন প্ৰকাশ কৰি সামগ্ৰিকভাৱে জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ৷ জিলা বিজেপিৰ শীৰ্ষপৰ্যায়ৰ কেইবাগৰাকীও নেতাৰ উপস্থিতিত আলোচনীখন প্ৰকাশ কৰা হয় ৷

উল্লেখ্য যে, আলোচনী প্রকাশ অনুষ্ঠানত উপস্থিত থাকে সাংগঠনিক সম্পাদক নিত্যভূষণ দে’, ৰাজ্যিক বিজেপিৰ সদস্য শশাংক শেখৰ ধৰ, বৰখলা বিধানসভা সমষ্টিৰ কেন্দ্রীয় প্রভাৰী বিমলেন্দু ৰয়, শালচাপৰা মণ্ডলৰ সভাপতি পীয়ুষকান্তি পাল আদি ৷ সাফল্যৰ খতিয়ান শীৰ্ষক আলোচনীখন বুথ সভাপতিসকলৰ হাতত অৰ্পণ কৰাৰ বাবে প্রত্যেক পঞ্চায়ত আৰু শক্তিকেন্দ্র প্রমুখ সমূহক নির্দেশ প্ৰদান কৰে বিধায়ক কিশোৰ নাথে ।