কৰিমগঞ্জ,24 ছেপ্টেম্বৰ: কাছাৰৰ কাটিগড়াত শোকাৱহ ঘটনা ৷ ৰাতিপুৱাৰ ভাগত অহা এজাক ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি-সাধন হয় কাটিগড়া গোবিন্দপুৰ এলেকাৰ পাচগ্ৰামত ৷
আনহাতে ব্ৰজপাত পৰি থিতাতে নিহত হয় এটি ১২ বছৰীয়া কিশোৰ(Lightning strike kills teenager in Cachar) ৷ থিতাতে মৃত্যু হোৱা কিশোৰটোৰ নাম মস্তাকাৰ হুছেইন ৷ মৃত মস্তাকাৰ হুছেইনে আন দুই ভাতৃ সাহিন হুছেইন আৰু সামিম হুছেইনৰ সৈতে বিদ্যালয়লৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷
বজ্ৰপাতৰ ফলত আহত হয় মস্তাকাৰৰ দুই ভাতৃ ৷ ইয়াৰ পিছতে আটাইকে কাটিগড়া আৰক্ষী থানাত লৈ অনা হয় ৷ মৃত মস্তাকৰ হুছেইনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, কাটিগড়া হাস্পতালত ভৰ্তি কৰোৱা হয় আহত ভাতৃদ্বয়ক ।
লগতে পঢ়ক: দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !