ETV Bharat / state

শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ বিবাদত লিপ্ত দুই পক্ষই আৰক্ষীৰ সন্মুখতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ ৷

land conflict in silchar assam etv bharat news
শিলচৰত ভূমি বিবাদ
author img

By

Published : Sep 10, 2020, 10:20 PM IST

শিলচৰ,10 ছেপ্তেম্বৰ: শিলচৰৰ দুধপাতিল গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ বিবাদত লিপ্ত দুই পক্ষই আৰক্ষীৰ সন্মুখতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,গাঁৱখনৰ দুই পক্ষৰ মাজত অব্যাহত থকা দীৰ্ঘদিনীয়া ভূমি বিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰে ৷ পূৰ্বতেও এই ভূমি সম্পৰ্কে বিচাৰ অনুষ্ঠিত হৈছিল যদিও পক্ষ দুটাই কোনো সদুত্তৰ লাভ নকৰিলে ৷ বৃহস্পতিবাৰে সংঘটিত উক্ত বিবাদৰ পিছতে মালুগ্ৰাম আৰক্ষী চকীত বিষয় সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছে ৷ অঞ্চলটোৰ স্থানীয় ব্যক্তি ৰমাকান্ত বিশ্বাসে দাখিল কৰা এজাহাৰখনত বিধায়ক কিশোৰ নাথ উক্ত ঘটনাত জড়িত বুলি উল্লেখ কৰা হৈছে ৷

লগতে চাওকঃ শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ণৱ কিশোৰ বৰদলৈৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.