ETV Bharat / state

মিজো আগ্ৰাসন : কৃষক মুক্তিৰ তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ

অসমৰ ভূমি দখল কৰাৰ প্ৰতিবাদত মিজোৰাম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । মিজো আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

অসমৰ ভূমি দখল
মিজো আগ্ৰাসন
author img

By

Published : Oct 30, 2020, 10:24 PM IST

কাছাৰ, 30 অক্টোবৰ : অসমৰ ভূমি দখল কৰাৰ প্ৰতিবাদত মিজোৰাম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । মিজো আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে কয় যে, বহিৰা শক্তিৰ সহায় লৈ মিজোৰাম চৰকাৰে অসমৰ মাটি দখল অব্যাহত ৰাখিছে ৷ ইয়াৰ ফলত অসম-মিজোৰাম সীমান্তত থকা অসমীয়া লোকৰ মাজত আতংকই বিৰাজ কৰিছে ৷

অসমৰ ভূমি দখল
মিজো আগ্ৰাসন

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত মিজোৱে লাইলাপুৰ অঞ্চলত বহুকেইটা অসমীয়া পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে ধ্বংস কৰে প্ৰায় অৰ্ধ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অসমৰ লোকৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় ৷ তাৰ পাচতেই লোকসকলে আশ্ৰয় ল’ব লগা হয় লাইলাপুৰৰ আশ্ৰয় শিৱিৰত ৷

এই ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলটোত 144 ধাৰা জাৰী কৰা হয় ৷ তাৰ মাজতেই বৈঠকত মিলিত হয় মিজোৰাম আৰু অসমৰ গৃহ সচিবদ্বয় ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰে ৷ কিন্তু এই সকলো প্ৰক্ৰিয়াৰ পাচতো উত্তেজনাৰ অৱসান ঘটা নাই অসম-মিজোৰাম সীমান্তত ৷ যাৰ ফলত সেই স্থানত বাস কৰিবলৈ শংকা প্ৰকাশ কৰিছে অসমৰ লোকসকলে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমা বিবাদৰ বুজ ল’লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.