শিলচৰ, 22 ফেব্ৰুৱাৰী : বহু অপেক্ষাৰ অন্তত দেওবাৰে শিলচৰত স্থাপন হ’ল কাৰ্গিল বিজয় স্মাৰক । বিধায়ক দীলিপ পালৰ উদ্যোগত শিলচৰ চহৰৰ প্ৰৱেশ দ্বাৰৰ তাৰাপুৰ ইএনডি পইন্টত স্থাপন হয় এই বিজয় স্মাৰক ৷ দেওবাৰে বিজয় স্মাৰকটি উন্মোচন কৰে কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ নন্দচান্দ সিংহৰ মাতৃ আই বৃন্দাদেবী আৰু কেপ্টেইন পংকজ আৱস্থিয়ে ।

কাৰ্গিল বিজয় স্মাৰকৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ ৰাজদীপ ৰয়, বিধায়ক দিলীপ পাল, ডিআইজি দিলীপ দে’, আৰক্ষী অধীক্ষক বি এল মীনা, বিশিষ্ট শিক্ষাবিদ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দক্ষিণ অসম প্ৰান্তৰ সংঘ চালক বিমল নাথ চৌধুৰী ।

প্ৰাপ্ত তথ্য অনুসৰি, এই বিজয় স্মাৰক নিৰ্মাণত ব্যয় হৈছে প্ৰায় ১৭ লাখ টকা । আনহাতে, এই স্মাৰকৰ নামত মুখ্যমন্ত্ৰী আনটাইড ফাণ্ডৰ পৰা ১০ লাখ আৰু বিধায়ক তহবিলৰ পৰা ৭ লাখ টকা অনুমোদন দিয়া হৈছিল ।
উল্লেখ্য যে, বৰাক উপত্যকাত স্থাপিত প্ৰথমখন প্ৰথমটো কাৰ্গিল বিজয় স্মাৰক লৈ আনন্দিত এতিয়া বৰাক উপত্যকাবাসী ৷
লগতে পঢ়কঃ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী