নিউজ ডেস্ক,11 জানুৱাৰী : বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ৷ সোমবাৰে জে পি নাড্ডাই বৰাক উপত্যকাৰ শিলচৰৰ আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত এক জনসভাত অংশগ্ৰহণ কৰে ৷ এই জনসভাত অংশগ্ৰহণ কৰি নাড্ডাই কয় যে,"আজি মোৰ ভাৱে বহুত সৌভাগ্যৰ কথা যে আজি মই এই বিজয় সংকল্প ৰেলীত মই আহিবলৈ সুযোগ লাভ কৰিছো ৷ মই আয়োজক সকলক শুভেচ্ছা জনাব বিচাৰো কাৰণ তেওলোকে এই বিজয় সংকল্প ৰেলী বৰাক উপত্য়কাৰ পৰা আৰম্ভ কৰিছে ৷ য‘ত বিজেপিৰ তৃণমূল পৰ্যায়ত স্থিতি যথেষ্ট শক্তিশালী হৈ আছে ৷ "
জেপি নাড্ডাই লগতে কয় যে, 2016 চনত ইয়াত বিজেপিয়ে চৰকাৰ গঠন কৰে আৰু লোকসভা,বিধানসভা,জিলা পৰিষদ,স্বায়ত্বশাসিত পৰিষদ,পঞ্চায়ত বা তিৱা নিৰ্বাচনে হওক সকলো ক্ষেত্ৰতে ৰাইজে বিজেপিক সমৰ্থন জনাইছে ৷
আন এক প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে,মই সুখী কাৰণ মই যেতিয়া মোদী চৰকাৰত মন্ত্ৰী হৈ আহিছিলো তেতিয়া মই গুৱাহাটীক 1.350 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এইমচ প্ৰদান কৰিব পাৰিছো ৷ এতিয়া ইয়াৰ ৰাইজে চিকিৎসাৰ বাবে দিল্লী বা কলকাতা যাবলগীয়া নহয় ৷
উল্লেখ্য যে,শিলচৰত অনুষ্ঠিত উক্ত বিজয় সংকল্প ৰেলীত জে পি নাড্ডাৰ লগত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,সাংসদ দিলীপ শইকীয়া ৷ শিলচৰত অনুষ্ঠিত উক্ত সমাৰোহত অংশগ্ৰহণ কৰে প্ৰায় 50 হাজাৰ বিজেপি কৰ্মী সমৰ্থকে ৷
লগতে পঢ়ক: আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !